বৰপেটা, ৩০ জুলাই (হি.স.)। বৰপেটাৰোডত ভয়ংকৰ দুৰ্ঘটনা l ট্ৰাকে মহতিয়াই নিলে ৬০ৰ ঊৰ্ধৰ ব্যক্তিক।
এতিয়াও উদ্ধাৰ কৰিব পৰা নাই ব্যক্তি গৰাকীৰ পৰিচয় l বৰপেটাৰোড ৰেল গেটত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল অচিনাক্ত ব্যক্তিৰ।
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ হৈছে এ এছ ১৮ এ ০৮৭২। দুৰ্ঘটনা সংঘটিত কৰি চালক গৰাকী পলায়ন কৰে l
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত বৰপেটাৰোড আৰক্ষী আৰু বৰপেটাৰোড ৰেলৱে আৰক্ষীৰ দলে l ঘটনাস্থলীত আৰক্ষীৱে উপস্থিত হৈ নিহত ব্যক্তিগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
