ইম্ফল, ৩০ জুলাই (হি.স.)। মণিপুৰত উগ্ৰপন্থী সংগঠন আৰু অপৰাধী চক্ৰৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘন্টাত ইম্ফল পূব আৰু পশ্চিম জিলাত পৃথক পৃথক অভিযানত ৫ জন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে নিষিদ্ধ সংগঠনৰ কেডাৰ আৰু স্থানীয় গেঙৰ এজন সদস্য।
আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ইম্ফল পূৱৰ হেঙাং থানাৰ অন্তৰ্গত কৈৰাং উমাং মায়াই লাইকাই অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে মঃ সমীৰ খান ওৰফে ইনাও (৪৫)ক। তেওঁ ‘নিংগোলমাচা’ নামৰ এটা অপৰাধী চক্ৰৰ সদস্য বুলি কোৱা হয়। তেওঁৰ পৰা এটা .৩২ ব’ৰ পিষ্টল (মেগজিনবিহীন), এটা ন’ মিমি মেগজিন, এটা .৩২ ব’ৰ কাৰ্টিজ, দুটা ন’ মিমি কাৰ্টিজ আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে।
সেইদিনা আন এক অভিযানত ইম্ফল পূৱৰ মহাবলী নদীৰ পাৰৰ হাওকিপ ভেঙৰ পৰা থিয়াম বয়নাও সিং (৪৭)ক গ্ৰেপ্তাৰ কৰে। তেওঁ নিষিদ্ধ সংগঠন কাংগলেইপাক কমিউনিষ্ট পাৰ্টি (পিপলছ ৱাৰ গ্ৰুপ)ৰ সক্ৰিয় কেডাৰ। গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ পৰা উদ্ধাৰ হৈছিল এখন আধাৰ কাৰ্ড।
একে সময়তে ইম্ফল পূব আৰু পশ্চিমত নিৰাপত্তা বাহিনীয়ে সমন্বিত অনুসন্ধান আৰু ঘেৰাও অভিযান চলাই, য’ত কেচিপি (সামৰিক আৰু বিদেশী যোগাযোগ) ফৈদৰ দুজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত কেডাৰ কেইজন ইম্ফল পূৱৰ লামলাই মায়াই লাইকাই নিবাসী খাইদম নংপোকনাংগাম্বা সিং বুলি জানিব পৰা গৈছে। লামলাই থানাৰ অন্তৰ্গত নংদা আৱাং লাইকাইৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক। যোৱা ১০ জুলাইৰ নিশা নেপেট পালি গাঁৱত সংঘটিত হোৱা গুলীচালনা আৰু সংগঠনটোৰ বাবে অস্ত্ৰ-শস্ত্ৰ পৰিবহণত জড়িত বুলি জানিব পৰা গৈছে।
একে সময়তে থৌবাল জিলাৰ লাইফ্ৰাকপাম মামাং লাইকাই নিবাসী থৌনাওজাম অশোক্কুমাৰ সিঙকো গ্ৰেপ্তাৰ কৰা হয়। ইম্ফল পশ্চিমৰ সিঞ্জামি আৰক্ষী থানাৰ অন্তৰ্গত লাংথাবাল কুঞ্জা অঞ্চলৰ পৰা নংপোকনাংগাম্বাৰ বক্তব্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে তেওঁক।
এই দুজনৰ পৰা মেগজিনসহ এটা নাইন এম এম পিষ্টল, দুটা মোবাইল ফোন, নগদ ৫১০ টকা আৰু এখন আধাৰ কাৰ্ড উদ্ধাৰ কৰা হৈছে।
ৰাজ্যৰ নিৰাপত্তা বাহিনীয়ে বিদ্ৰোহ আৰু ধন দাবীৰ নেটৱৰ্কৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰশাসনে পুনৰ কয় যে এনেধৰণৰ চোৰাংচোৱা ভিত্তিক ব্যৱস্থাই সাধাৰণ জনতাৰ সুৰক্ষা সুনিশ্চিত কৰি যাব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
