কেনবেৰা, ৩০ জুলাই (হি.স.)। অষ্ট্ৰেলিয়া চৰকাৰে এটা বৃহৎ সিদ্ধান্ত লৈ ১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ইউটিউব অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে। পূৰ্বতে ইউটিউব এই নিয়মৰ পৰা ৰেহাই পাইছিল যদিও এতিয়া চৰকাৰে সলনি কৰিছে। অৱশ্যে ইউটিউব কিডছ ইয়াৰ পৰা মুক্ত হ’ব। ১০ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম।
অষ্ট্ৰেলিয়া চৰকাৰে শেহতীয়া ক্ৰমত ১৬ বছৰৰ তলৰ শিশুৰ বাবে ইউটিউব নিষিদ্ধ কৰিছে। অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, ইনষ্টাগ্ৰাম, টিকটক, স্নেপচ্যাট আৰু এক্সৰ ব্যৱহাৰ নিষিদ্ধ।ইউটিউবকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই সন্দৰ্ভত চৰকাৰে গাইডলাইন জাৰি কৰি কয় যে যদি ১৬ বছৰৰ তলৰ শিশুৰ ইউটিউব একাউণ্ট পোৱা যায় বা শিশুৱে যিকোনো ছ’চিয়েল মিডিয়া একাউণ্টত চাবস্ক্ৰাইব কৰে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শিশুৱে ইউটিউব কিডছ ব্যৱহাৰ কৰিব পাৰিব। YouTube Kids ত আপলোড কৰা কন্টেন্ট শিশুৰ বাবে নিৰাপদ। ইয়াত শিশুৱে ভিডিঅ’ আপলোড কৰিব নোৱাৰে।
দ্য গাৰ্ডিয়ানৰ মতে, যোগাযোগ মন্ত্ৰী অনিকা ওৱেলছে এই সিদ্ধান্তৰ কথা ঘোষণা কৰি ইউটিউব কিডছ ইয়াৰ পৰা মুক্ত হৈ থাকিব বুলি কয়। ই-নিৰাপত্তা আয়ুক্তৰ পৰামৰ্শৰ বাবেই এই সিদ্ধান্তৰ কাৰণ বুলি উল্লেখ কৰি তেওঁ কয় যে অষ্ট্ৰেলিয়াৰ ১০টা শিশুৰ ভিতৰত চাৰিটা শিশুৱে ইউটিউব ব্যৱহাৰৰ ফলত তেওঁলোকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা বুলি কোৱা কথাটো চৰকাৰে আওকাণ কৰিব নোৱাৰে। ওৱেলছে কয় যে চৰকাৰে ছ’চিয়েল মিডিয়া কোম্পানীক ভয় নকৰে আৰু অভিভাৱকক অগ্ৰাধিকাৰ দি এই নীতি অনা হৈছে।
চৰকাৰে কয় যে ইউটিউবক নিষেধাজ্ঞাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত শিশুসকলৰ অনলাইন সুৰক্ষাক উৎসাহিত কৰাৰ বাবে লোৱা হৈছে। ই আন দেশৰ বাবেও আদৰ্শ হ’ব পাৰে। শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধকৰণৰ সৈতে জড়িত অষ্ট্ৰেলিয়াৰ আইনখন বিশ্বৰ ভিতৰতে এই ধৰণৰ প্ৰথমখন আইন।
উল্লেখযোগ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহত অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ বিধেয়ক সংসদত গৃহীত হৈছিল। বিশেষ কথাটো হ’ল শাসক আৰু বিৰোধী দুয়োটা দলেই সমৰ্থন কৰিছিল। এনে বিধেয়ক গৃহীত কৰা বিশ্বৰ প্ৰথমখন দেশ অষ্ট্ৰেলিয়া।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
