নতুন দিল্লী, ৩০ জুলাই (হি.স.)। ভাৰতৰ হৰদীপে এথেন্স (গ্ৰীচ)ত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত ১১০ কেজি গ্ৰীক-ৰোমান শাখাত স্বৰ্ণ পদক অৰ্জন কৰি দেশলৈ বঁটা কঢ়িয়াই আনে। চূড়ান্ত মেচখনত হৰদীপে ক্লাইটেৰিয়ামৰ ভিত্তিত ইৰাণৰ ইয়াজদান ৰাজা ডেলৰুজক কঠিন মেচত পৰাস্ত কৰে, কিয়নো মেচখন ৩-৩ ব্যৱধানত ড্রত সমাপ্ত হয়।
অৰ্হতা ৰাউণ্ডত কাজাখস্তানৰ বাকাতুৰ ছ’ভেটখানক ২-০ ব্যৱধানত পৰাস্ত কৰে হৰদীপে। ১৬ ৰাউণ্ডত তেওঁ পোলেণ্ডৰ মেটেউছ ইয়াৰোস্লাভ টমেলকাক ৪-২ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পাছতে ইউক্ৰেইনৰ আনাটোলি নোভাচেংকোক কোৱাৰ্টাৰ ফাইনেলত ৯-০ ব্যৱধানত পৰাস্ত কৰে।
ছেমি ফাইনেলত হাৰ্ডিপে তুৰস্কৰ ইমৰুল্লাহ কাপকানক ৪-২ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰি অৱশেষত ঐতিহাসিক স্বৰ্ণ পদক লাভ কৰে।
হৰদীপৰ এই বিজয় ভাৰতৰ যুৱ মল্লযুঁজৰ প্ৰতিভাৰ প্ৰেৰণা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
