• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > হিমাচল প্ৰদেশৰ মণ্ডিত পুনৰ ডাৱৰ বিস্ফোৰণৰ বিধ্বংসী ৰূপ, দুজনৰ মৃত্যু, এজন নিৰুদ্দেশ, বহু ঘৰ-দুৱাৰ আৰু বাহনৰ ক্ষতিসাধন
National

হিমাচল প্ৰদেশৰ মণ্ডিত পুনৰ ডাৱৰ বিস্ফোৰণৰ বিধ্বংসী ৰূপ, দুজনৰ মৃত্যু, এজন নিৰুদ্দেশ, বহু ঘৰ-দুৱাৰ আৰু বাহনৰ ক্ষতিসাধন

CliQ INDIA
Last updated: July 29, 2025 1:31 pm
CliQ INDIA
Share
4 Min Read
SHARE

চিমলা, ২৯ জুলাই (হি.স.)। হিমাচল প্ৰদেশত পুনৰবাৰ বাৰিষাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে । সোমবাৰে নিশাৰ পৰা অব্যাহত থকা প্ৰচণ্ড বৰষুণৰ মাজতে মণ্ডি জিলাত প্ৰচণ্ড বানপানী আৰু আবৰ্জনাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ডাৱৰ বিস্ফোৰণৰ বাবে মণ্ডি চহৰৰ জেইল ৰোড আৰু হস্পিতাল ৰোড অঞ্চলত হঠাতে নলাবোৰ উফন্দি উঠাত বানপানীৰ পানী আৰু ধ্বংসাৱশেষ ঘৰবোৰত প্ৰৱেশ কৰে। এই ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন নিৰুদ্দেশ আৰু আন এজন লোক আহত হয়। আৰক্ষী আৰু প্ৰশাসনে সময়মতে নিৰাপদে বহু লোকক উলিয়াই আনিলে। মণ্ডীৰ উপ আয়ুক্ত অপূৰ্ব দেৱগনে দুজন লোকৰ মৃত্যু আৰু এজন নিৰুদ্দেশ হোৱা বুলি নিশ্চিত কৰিছে। তেওঁ কয় যে এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু আৰক্ষী জোৱানসকলে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।

মণ্ডিৰ জেইল ৰোড ৱাৰ্ডৰ প্ৰাক্তন কাউন্সিলাৰ কৃষ্ণৰ পুত্ৰ আৰু নাতিৰ আবৰ্জনাৰ তলত পোত যোৱাৰ পিছত মৃত্যু হয়। তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে বোৱাৰী নিৰুদ্দেশ হোৱাৰ লগতে এজনৰ ভৰি ভাঙি গৈছে। ইয়াৰ বাহিৰেও কেইবাটাও ঘৰত আবৰ্জনা সোমাই পৰাত প্ৰায় পোন্ধৰজন লোকক আবৰ্জনাৰ পৰা উদ্ধাৰ কৰা হয়। ঘৰটোত বৃহৎ পৰিমাণৰ আবৰ্জনা প্ৰৱেশ কৰাৰ পিছতে এটা কোঠাত আবদ্ধ হৈ পৰে দুজন লোক। তেওঁলোকক কোঠাৰ খিৰিকী ভাঙি নিৰাপদে উদ্ধাৰ কৰে লোকসকলে।

তথ্য অনুসৰি, গভীৰ নিশা হোৱা ধাৰাসাৰ বৰষুণৰ পিছত হঠাতে বানপানী হয়, যিয়ে বহু ঘৰ বুৰাই পেলায় । ঘৰৰ তলৰ মহলাবোৰ পানী আৰু আবৰ্জনাৰে ভৰি পৰিছিল, মানুহক আৱদ্ধ কৰি ৰাখিছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি জয়ৰাম ঠাকুৰ, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক অনিল শৰ্মা, উপ আয়ুক্ত মন্দি অপূৰ্ব দেৱগন, পৌৰ নিগমৰ মেয়ৰ বীৰেন্দ্ৰ ভাট, স্থানীয় কাউন্সিলাৰ ৰাজা, সুমন ঠাকুৰ, আয়ুক্ত ৰোহিত ৰাথোৰ, এডিএম ডাঃ মদন কুমাৰে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। এই বৰষুণৰ ফলত কিমান ক্ষয়-ক্ষতি হৈছে তাৰ মূল্যায়ন এতিয়াও চলি আছে।

ইয়াত চণ্ডীগড়-মনালি ৰাষ্ট্ৰীয় ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ-৩) আৰু মণ্ডী-পাথানকোট ঘাইপথ (নংঘৰ ১৫৪)ৰ বহু ঠাইতো ভূমিস্খলন সংঘটিত হৈছে। দুয়োটা পথ বন্ধ আৰু বহু যান-বাহন আবদ্ধ হৈ আছে। ৰাজহুৱা কাম বিভাগ, প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দলসমূহ সাহায্যৰ কামত নিয়োজিত হৈ আছে, আনহাতে এন ডি আৰ এফকো সতৰ্ক কৰি ৰখা হৈছে।

বতৰ বিভাগে মণ্ডীকে ধৰি সমগ্ৰ ৰাজ্যত আগন্তুক ২৪ ঘণ্টা ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে, যাৰ ফলত সাহায্যৰ কামত অসুবিধা আৰু অধিক বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ৩০ জুনৰ নিশা ডাৱৰ বিস্ফোৰণৰ এক ডজন কাণ্ডৰ ফলত মণ্ডি জিলাও বেয়াকৈ প্ৰভাৱিত হৈছিল। সৰ্বাধিক ধ্বংসলীলা সংঘটিত হৈছিল সাৰাজ অঞ্চলত।

যোৱা ২০ জুনত ৰাজ্যত বাৰিষাৰ আগমনৰ পিছৰে পৰা ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বানত ১৬৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত ২৬৯ জন আৰু ৩৫ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। কেৱল মাণ্ডীতে এতিয়ালৈকে ৩২ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ২৭ জন লোক নিৰুদ্দেশ হৈছে। কংগ্ৰাত ২৪ জন, কুল্লু আৰু চাম্বাত ১৭ জন, শিমলাত ১৩ জন, সোলান আৰু উনাত ১১ জন, কিন্নৌৰত ১১ জন, হামিৰপুৰত ১০ জন, বিলাসপুৰত ৮ জন, লাহাউল-স্পিটিত ৬ জন আৰু ছিৰমৌৰত ৪ জন লোকৰ মৃত্যু হৈছে।

প্ৰবল বৰষুণ আৰু ভূমিস্খলনে এই পৰ্যন্ত ১৩২০টা ঘৰৰ ক্ষতিসাধন কৰিছে, ইয়াৰে ৪১৮টা ঘৰ সম্পূৰ্ণৰূপে ভাঙি গৈছে। সৰ্বাধিক ক্ষতিসাধন হৈছে মাণ্ডিত, য’ত ৯৮৬টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ইয়াৰে ৩৭৬টা ঘৰ সম্পূৰ্ণৰূপে ভাঙি যায়। ইয়াৰ উপৰিও প্ৰায় ২১,৫০০ টা হাঁহ-কুকুৰা চৰাই আৰু ১,৪০২ টা গৰুৰো মৃত্যু হৈছে।

ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি এই পৰ্যন্ত ১৫২৩ কোটিতকৈ অধিক লোকচান হৈছে। ইয়াত ৰাজহুৱা কাম-কাজ বিভাগৰ লোকচান হৈছে ৭৮০ কোটি টকা আৰু জল শক্তি বিভাগৰ লোকচান হৈছে ৪৯৯ কোটি টকা। এই পৰ্যন্ত ৰাজ্যত ৪২টা ঝলমলীয়া বানপানী, ২৫টা ডাৱৰ বিস্ফোৰণ আৰু ৩২টা ভূমিস্খলনৰ ঘটনা লিপিবদ্ধ কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

জন সংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মুখাৰ্জীলৈ বিজেপিৰ শ্ৰদ্ধাঞ্জলি | BulletsIn
অযোধ্যাধমত ৰাম লল্লাৰ দৰ্শন আৰম্ভ, ভক্তৰ প্ৰচণ্ড ভীৰ
লালকিল্লা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত জম্মু-কাশ্মীৰ বনাঞ্চলত এন আই এৰ তালাচী
এন আৰ চিৰ জাননীত মমতাৰ অভিযোগ – বংগবাসীৰ পৰিচয় মচি পেলোৱাৰ ষড়যন্ত্ৰ
আজি ঝাৰখণ্ড, পশ্চিমবংগ আৰু কাইলৈ বিয়লি বিহাৰত প্ৰধানমন্ত্ৰী মোদীয়ে দিব উন্নয়নমূলক প্ৰকল্প উপহাৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ‘পৱন শক্তি ব্যয়বহুল নহয়, ভৱিষ্যতৰ প্ৰয়োজন’ বুলি ট্ৰাম্পৰ দাবীক প্ৰত্যুত্তৰ দিয়ে ষ্টাৰমাৰে
Next Article আজিৰ পৰা অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?