পুত্ৰজয়া (মালয়েছিয়া), ২৯ জুলাই (হি.স.)। থাইলেণ্ড আৰু কম্বোডিয়াই সোমবাৰে মালয়েছিয়াত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত বিনাচৰ্ত যুদ্ধবিৰতিৰ ওপৰত সহমতত উপনীত হয়। পাঁচদিনীয়া সীমা সংঘাতৰ অন্ত পেলোৱাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ, য’ত এতিয়ালৈকে ৩৫ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ২.৬ লাখতকৈ অধিক লোক স্থানচ্যুত হৈছে।
মালয়েছিয়াৰ প্ৰশাসনিক ৰাজধানী পুত্ৰজয়াত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম, কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী হুন মানেট আৰু থাইলেণ্ডৰ কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰী ফুমথাম ভেচাচাইৰ উপস্থিতিত এই ঐতিহাসিক চুক্তিত উপনীত হয়। সংবাদমেলত তিনিওজন নেতাই যৌথভাৱে যুদ্ধবিৰতি ঘোষণা কৰি শান্তি প্ৰতিষ্ঠাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।
যুদ্ধবিৰতি ঘোষণাৰ পিছত এতিয়া ০৪ আগষ্টত কম্বোডিয়াত অনুষ্ঠিত হ’ব সীমান্ত সমিতিৰ বৈঠক। মালয়েছিয়া, কম্বোডিয়া আৰু থাইলেণ্ডৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীসকলে একেলগে যুদ্ধবিৰতি নিৰীক্ষণ ব্যৱস্থা প্ৰস্তুত কৰিব। এই চুক্তি আমেৰিকা আৰু চীনৰ অংশগ্ৰহণেৰে কৰা হৈছিল, য’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল।
চুক্তিৰ পিছত ট্ৰাম্পে ছ’চিয়েল মিডিয়াত কয় যে আমি যুদ্ধবিৰতি আৰু শান্তি লাভ কৰিলোঁ… মই শান্তিৰ ৰাষ্ট্ৰপতি।
হোৱাইট হাউছৰ মুখপাত্ৰ কেৰ’লিন লেভিটে এক্সত লিখিছে, ৰাষ্ট্ৰপতি ট্ৰাম্পে এইটো সম্ভৱ কৰি তুলিলে। তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰা উচিত!
যুদ্ধবিৰতি ঘোষণাৰ পিছত কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী হুন মানেটে কয় যে, এতিয়া আমাৰ বাবে আস্থা আৰু সহযোগিতা পুনৰুদ্ধাৰৰ দিশত আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে। আমাৰ অগ্ৰাধিকাৰ হৈছে প্ৰায় ৩ লাখ লোকে যাতে ঘৰলৈ উভতি যোৱাৰ সুযোগ পায়।
একে সময়তে থাইলেণ্ডৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী ফুমথামে কয় যে এই বৈঠকে থাইলেণ্ডৰ শান্তিৰ আকাংক্ষাক প্ৰতিফলিত কৰিছে। বেংককলৈ উভতি অহাৰ সময়ত ফুমথামে কয় যে ট্ৰাম্পে তেওঁক ফোন কৰি অভিনন্দন জনাইছে আৰু আশ্বাস দিছে যে থাইলেণ্ডৰ ৰপ্তানিৰ ওপৰত আমেৰিকাৰ শুল্ক আলোচনা এতিয়া আগবাঢ়ি যাব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
