নতুন দিল্লী, ২৮ জুলাই (হি.স.)। পোলেণ্ডত অনুষ্ঠিত উইছল’ চাপিঅ’স্কি মেম’ৰিয়েল প্ৰতিযোগিতাত ভাৰতৰ তেজস্বিন শংকৰে ডেকাথলনত সুন্দৰ প্ৰদৰ্শন কৰি এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। দেওবাৰে ৭৮২৬ পইণ্টেৰে প্ৰতিযোগিতাখনত চতুৰ্থ স্থান দখল কৰি নিজৰ পুৰণি অভিলেখ ভংগ কৰে।
ইয়াৰ পূৰ্বে ২০২৩ চনৰ এছিয়ান গেমছত ৭৬৬৬ পইণ্টেৰে ৰূপৰ পদক লাভ কৰিছিল, যিটো ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখ।
দুদিনীয়া ৱৰ্ল্ড এথলেটিকছ কম্বাইণ্ড ইভেণ্টছ ট্যুৰ গোল্ড মিটৰ প্ৰথম দিনাই উজ্জ্বল আৰম্ভণি কৰি ৪২৯২ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে তেজাছৱিনে। ১০০ মিটাৰ দৌৰত তেওঁ ১১.০২ ছেকেণ্ডৰ ব্যক্তিগত শ্ৰেষ্ঠত্ব লাভ কৰে।
দ্বিতীয় দিনাও তেওঁ ১১০ মিটাৰ হাৰ্ডলছত ১৪.৬৩ ছেকেণ্ডৰ সময়েৰে নিজৰ অগ্ৰগতি বজাই ৰাখিছিল। অৱশ্যে ডিস্কাছ থ্ৰ’ত ৩৮.২৮ মিটাৰ ছিজনৰ বেষ্ট থ্ৰ’ কৰাৰ পিছতো তেওঁ তৃতীয় স্থানলৈ পিছলি পৰে। ৪.১০ মিটাৰ জঁপিয়াই প’ল ভল্টত ষষ্ঠ স্থান দখল কৰে, যিটো ইভেণ্টত তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠও।
কিন্তু জেভেলিন থ্ৰ’ (৫২.৮৯ মিটাৰ) আৰু চূড়ান্ত ইভেণ্ট ১৫০০ মিটাৰত তেওঁ শক্তিশালী কামবেক কৰি ৪:৩১.৮০ মিনিটৰ ব্যক্তিগত শ্ৰেষ্ঠত্ব লাভ কৰি চতুৰ্থ স্থান দখল কৰে।
ইভেণ্টত চেক গণৰাজ্যৰ অণ্ড্ৰেজ ক’পেকি (৮২৫৪ পইণ্ট), ভিলে ষ্ট্ৰাস্কি (৮১৩৬ পইণ্ট) আৰু ইষ্ট’নিয়াৰ ৰিষ্টো লিলেমেটছে (৮১০৭ পইণ্ট) ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে।
যদিও ২৬ বছৰীয়া তেজাছৱিনে পুনৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিলে, তথাপিও তেওঁৰ স্ক’ৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ (টকিঅ’)ৰ অৰ্হতা সীমা ৮৫৫০ পইণ্টৰ পিছ পৰি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
