নতুন দিল্লী, ২৮ জুলাই (হি.স.)। আশংকা কৰা মতে ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম আৰু অন্তিমখন টেষ্টৰ পৰা বাহিৰ হৈছে উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত। মানচেষ্টাৰ টেষ্টৰ সময়ত তেওঁৰ সোঁ ভৰিৰ আঙুলি ভাঙিছিল, যাৰ বাবে তেওঁ আৰু অভাল টেষ্ট খেলিব নোৱাৰিব।
দেওবাৰে গভীৰ নিশা ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে পণ্টক বাদ দিয়াৰ লগতে পণ্টৰ সলনি তামিলনাডুৰ উইকেটকীপাৰ বেটছমেন এন জগদীশনক দলত অন্তৰ্ভুক্ত কৰা হৈছে।
মানচেষ্টাৰ টেষ্টৰ দ্বিতীয় দিনা ক্ৰীছ ৱ’কেছৰ বলটো স্কুপ কৰিবলৈ চেষ্টা কৰি থাকোঁতে বলটোৱে পোনে পোনে জোতাত খুন্দা মাৰে। ইয়াৰ পিছতে তেওঁক খেলপথাৰৰ পৰা উলিয়াই অনা হয় আৰু সেইদিনা সন্ধিয়া তেওঁৰ ভৰিৰ ভাঙন নিশ্চিত হয়। তথ্য অনুসৰি কমেও ছয় সপ্তাহ ক্ৰিকেটৰ পৰা আঁতৰি থাকিব পণ্ট।
যদিও আঘাত গুৰুতৰ আছিল, পিছদিনা পুনৰ বেটিং আৰম্ভ কৰি অৰ্ধশতক অৰ্জন কৰি পণ্টে সকলোকে আচৰিত কৰি তুলিছিল। কিন্তু দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ ওলাই নাহিল কাৰণ কে এল ৰাহুল আৰু মিডল অৰ্ডাৰে ভাৰতক ড্ৰ’লৈ গাইড কৰিবলৈ যথেষ্ট কষ্ট কৰিছিল।
মানচেষ্টাৰ টেষ্টৰ পিছতে পণ্টক প্ৰশংসাৰে উপচায় মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে। তেওঁ কয়, এটা কথা মই নিশ্চিতভাৱে ক’ব বিচাৰিম যে এই দলৰ প্ৰকৃত ভেটি আৰু চৰিত্ৰ ঋষভ পণ্টৰ দৰে খেলুৱৈৰ ত্যাগৰ পৰা গঢ় লৈ উঠিব। ভৰি ভাঙি বেটিং কৰাটো সাধাৰণ কথা নহয়। তেওঁ দেশৰ বাবে যি কৰিলে সেয়া আগন্তুক প্ৰজন্মলৈ মনত থাকিব।
গম্ভিৰে আৰু কয় যে, যেতিয়া তেওঁ ডাঙৰ ফৰ্মত আছিল, সেই সময়ত আঘাতপ্ৰাপ্ত হোৱাটো দুৰ্ভাগ্যজনক। কিন্তু তেওঁ টেষ্ট দলৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু আমি আশা কৰিছো যে তেওঁ সুস্থ হৈ সোনকালে ঘূৰি আহিব।
মন কৰিবলগীয়া যে চতুৰ্থ টেষ্টৰ পূৰ্বে ইতিমধ্যে টিম ইণ্ডিয়াই বহু আঘাতৰ সন্মুখীন হৈছিল। আকাশ দীপ (গ্ৰাইন), আৰ্শদীপ সিং (আঙুলি) আৰু নীতিশ ৰেড্ডী (আঁঠু) আঘাতপ্ৰাপ্ত হয়। নীতিশ সমগ্ৰ শৃংখলাৰ বাহিৰত থকাৰ বিপৰীতে আকাশ দীপ আৰু আৰ্শদীপে অভাল টেষ্টৰ বাবে ঘূৰি আহিছে।
পঞ্চম টেষ্টৰ বাবে ভাৰতৰ দল :
শুভমান গিল (অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, অভিমন্যু ইশ্বৰন, কৰুণ নাইৰ, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, শাৰদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, আকাশ দীপ, কুলদীপ যাদৱ, অংশুল কম্বোজ, আৰ্শদীপ সিং, এন জগদীশন (উইকেটকীপাৰ)।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
