নতুন দিল্লী, ২৭ জুলাই (হি.স.)। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ নেতৃত্বত দেওবাৰে গুজৰাটৰ আহমেদাবাদত কাৰ্গিল বিজয় দিৱসৰ স্মৃতিত ফিটনেছ আৰু দেশপ্ৰেমৰ মনোভাৱ উদযাপন কৰি ‘চাণ্ডে অন চাইকেল’ অভিযান উলিওৱা হয়। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ), ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ), নেহৰু যুৱ কেন্দ্ৰ সংগঠন (এন ৱাই কে এছ), গুজৰাট বিদ্যাপীঠ, স্থানীয় চাইকেলিং গোট আৰু ফিটনেছ অনুৰাগীকে ধৰি ৮০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে।
কাৰ্গিল যুদ্ধৰ বীৰসকলক চেলুট দিয়া আৰু সুস্থ, ফিট ভাৰতৰ প্ৰচাৰৰ দ্বৈত অভিযানত মানুহক একত্ৰিত কৰাৰ বাবে একেলগে ৬ হাজাৰৰো অধিক স্থানত ‘চাণ্ডে অন চাইকেল’ পদক্ষেপৰ আয়োজন কৰা হৈছিল। ক্ৰীড়া মন্ত্ৰী ড০ মাণ্ডবিয়াই কয় যে প্ৰতি বছৰে ২৬ জুলাইত আমি কাৰ্গিল বিজয় দিৱসৰ দিনা আমাৰ জোৱানসকলৰ বীৰত্বক সন্মান জনাইছো। এই মনোভাৱক আগুৱাই লৈ গৈ আজি আমি গৌৰৱেৰে আমাৰ সশস্ত্ৰ বাহিনীৰ সৈতে ‘চাণ্ডে অন চাইকেল’ অভিযানত হাত মিলাইছো। আমাৰ সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলৰ সৈতে চাইকেল চলাই আমাৰ বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিলোঁ।
তেওঁ কয় যে এখন সুস্থ ভাৰতৰ পৰাই উন্নত ভাৰতৰ দৃষ্টিভংগী আৰম্ভ হয়। মানুহ যেতিয়া শাৰীৰিকভাৱে সুস্থ হৈ থাকে তেতিয়া তেওঁলোকৰ মানসিক আৰু আৱেগিক স্থিতিস্থাপকতাও বাঢ়ি যায় আৰু এনে ব্যক্তিৰে গঠিত জাতি অজেয় হৈ পৰে। ফিটনেছ কেৱল শৰীৰৰ কথা নহয়, ই অনুশাসন, মনোনিৱেশ আৰু উদ্দেশ্যক প্ৰসাৰিত কৰা এক জীৱনশৈলী। প্ৰতিজন নাগৰিকক দৈনিক কমেও এঘণ্টা সময় চাইকেল চলোৱা বা শাৰীৰিক ক্ৰিয়া-কলাপত উচৰ্গা কৰিবলৈ আহ্বান জনাইছো। আমি যেতিয়া একেলগে লৰচৰ কৰো তেতিয়া আমি একেলগে বৃদ্ধি পাওঁ। এখন ফিট ভাৰত হৈছে এক ঐক্যবদ্ধ ভাৰত আৰু আমি সকলোৱে মিলি এখন শক্তিশালী, সুস্থ, অধিক স্বাৱলম্বী ভাৰত গঢ়িম।
ইয়াত দিল্লীৰ কন’ট প্লেচত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ইয়াত ‘চাণ্ডে অন চাইকেল’ কাৰ্যসূচীত ১০০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰা কাৰ্গিল যুদ্ধৰ প্ৰবীণ কৰ্ণেল বাক্ষীয়ে কয় যে এই পদক্ষেপে সকলো বয়সৰ লোকক একত্ৰিত কৰিছে। প্ৰায় ৭০ বছৰ বয়সত এনে এক প্ৰেৰণাদায়ক কামৰ অংশ হ’বলৈ পাই গৌৰৱ অনুভৱ কৰিছো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
