নগাঁও, ২৭ জুলাই (হি.স.): নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াই জাননী জাৰি কৰাৰ পিছতেই নিজে নিজে দখলকৃত ভূমি খালি কৰি আঁতৰি যোৱা পৰিলক্ষিত হৈছে । বগৰিগুড়ি পাম কিচামতৰ ৬২ আৰু ৬৩নং চৰকাৰী গেজিং ৰিজাৰ্ভৰ বাস কৰা লোক সকলে নিজেই খালি কৰিছে যদিও তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে পুনৰ সংস্থাপন দিয়াৰ বাবে।
আনহাতে উক্ত স্থানত মুছলিম ছাত্ৰ সন্থাৰ এটি সজাতি দলে চৰজমিন তদন্ত কৰি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে সংঘটনটিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাইনুল ইছলাম। তেওঁ কয় যে, যুগ যুগ ধৰি ইয়াতে বসবাস কৰি অহা সম্পূৰ্ণ নথি পত্ৰ থকা এই ভাৰতীয় নাগৰিক সকলক পুনৰ সংস্হাপন দিব লাগে। অন্যথা মুছাই সমগ্ৰ অসম জুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
