গুৱাহাটী, ২৭ জুলাই (হি.স.)। সংবাদ জগতৰ পৰা এইবাৰ চলচ্চিত্ৰ জগতলৈ ঢাপলি মেলিছে বিশিষ্ট সাংবাদিক অতনু ভূঞাই। অতনু ভূঞাৰ পৰিচালনাৰে নিৰ্মাণ হ’ব এখন নতুন অসমীয়া ছবি। অতনু ভূঞাই পৰিচালনা কৰিবলগীয়া এই ছবিখনৰ নাম ‘খাকী’। ইতিমধ্যে মুকলি কৰা হৈছে ছবিখনৰ পোষ্টাৰ। ১ আগষ্টৰ পৰা হ’ব ছবিখনৰ চিত্ৰগ্ৰহণ।
অতনু ভূঞাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মাণ হ’ব এই ছবিখন। ছবিখনত সমাহাৰ ঘটিব ২০০ৰো অধিক চৰিত্ৰৰ। এয়া এখন পলিটিকেল থ্ৰিলাৰ ছবি হ’ব বুলি জানিব পৰা গৈছে। ছবিখনৰ সংগীত পৰিচালনা কৰিব বলীউদৰ জনপ্ৰিয় সংগীত পৰিচালক ডেনিয়েল বি জৰ্জে।
উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল অতনু ভূঞাই। তেওঁ কোৱা মতে, গ্লেমাৰহীন অভিনেতাই অভিনয় কৰিব ‘খাকী’ত। ছবিখনৰ সৰহভাগ শ্বুটিং তেজপুৰত গ্ৰহণ কৰা হ’ব ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
