
ডিব্ৰুগড়, ২৬ জুলাই (হি.স.)। ডিব্ৰুগড় জিলাৰ দুলীয়াজানত শুকুৰবাৰে নিশা আৰক্ষীৰ অভিযানত তিনিটা চিলনী চোৰক আটক কৰা হয়। ধৃত চোৰকেইটাই দীৰ্ঘদিনৰ পৰা উজনি অসমৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত চোৰ কৰি এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। ধৃত চোৰ তিনিটাৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি আৰু যোৰহাটৰ টিয়ক আৰক্ষী থানাত ৰুজু হৈ আছিল গোচৰ ।
ধৃত চোৰ তিনিটা হৈছে উৰিষ্যাৰ জাজাপুৰ জিলাৰ কোৰাই আৰক্ষী থানাৰ অন্তৰ্গত পুবাকৰ্তে গাঁৱৰ চান্দু দাস আৰু একে অঞ্চলৰে ৰবি দাস, দুলীয়াজানৰ দেচিং দাস । ইফালে আৰক্ষীৰ অভিযানকাৰী দলটোৱে ধৃত দলটোৰ কৱলৰ পৰা ওডি ১৫ ইউ ৮১১৫ নম্বৰৰ এখন পালচাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ দুলীয়াজান আৰক্ষী থানাত বিশ্বনাথ চাৰিআলি আৰু টিয়ক আৰক্ষী উপস্থিত হৈ ধৃত চিলনী চোৰৰ দলটোক জেৰা অব্যাহত ৰাখিছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
