
নগাঁও, ২৫ জুলাই (হি.স.)। নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কামপুৰত বজাৰত আৰক্ষীৰ অভিযান চলে। বিশেষ সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত কামপুৰ ৰেলৱে কলনিৰ পৰা গাঞ্জাসহ এজনক আটক কৰা হৈছে । আটকাধীন লোকজন কামপুৰ ৰেলৱে কলনিৰ ৰাজু সিং বুলি পৰিচয় পোৱা গৈছে ।
ধৃত ব্যৱসায়ীজনৰ পৰা ১ কেজি ৩৫ গ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি গাঞ্জা ব্যৱসায় কৰি অহাৰ অভিযোগ উঠি আহিছে ৰাজু সিঙৰ বিৰুদ্ধে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
