নতুন দিল্লী, ২২ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় চিকেল চেল অভিযানৰ অধীনত ৬ কোটি ব্যক্তিৰ ছিকেল চেল ৰোগ (এছচিডি) পৰীক্ষা কৰা হৈছে। পৰীক্ষা কৰা লোকসকলৰ ভিতৰত ২.১৫ লাখ ব্যক্তিৰ এই ৰোগ ধৰা পৰিছে আৰু ১৬.৭ লাখ বাহক চিনাক্ত কৰা হৈছে। তদুপৰি নিজ নিজ ৰাজ্যৰ দ্বাৰা পৰীক্ষা কৰা ব্যক্তিসকলক ২.৬ কোটি স্বাস্থ্য কাৰ্ড বিতৰণ কৰা হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে এক বিবৃতি প্ৰকাশ কৰি কয় যে মধ্যপ্ৰদেশ, গুজৰাট, ৰাজস্থান, তেলেংগানা, কৰ্ণাটক, উত্তৰাখণ্ডকে ধৰি ৰাজ্যসমূহে নিজৰ লক্ষ্যৰ তুলনাত উচ্চ শতাংশ স্ক্ৰীনিং লাভ কৰি যথেষ্ট অগ্ৰগতি লাভ কৰিছে। উল্লেখযোগ্য যে ওড়িশা, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাট ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা সৰ্বাধিক।
এছচিডি স্ক্ৰীনিং বৈধকৃত পইণ্ট অৱ কেয়াৰ টেষ্টিং (পিঅ’চিটি) কিট ব্যৱহাৰ কৰি কৰা হৈছে, যিয়ে দ্ৰুত, নিৰ্ভৰযোগ্য আৰু নিশ্চিতকৰণমূলক ফলাফল নিশ্চিত কৰে। ইয়াৰ উপৰিও অংশগ্ৰহণকাৰী সকলো ৰাজ্যৰ পৰা স্ক্ৰীনিং তথ্য একত্ৰিত কৰিবলৈ এটা নিৰ্দিষ্ট ডেচব’ৰ্ড আৰু এটা ছিকেল চেল ৰোগ পৰ্টেল স্থাপন কৰা হৈছে।
ভৱিষ্যতৰ অগ্ৰাধিকাৰসমূহৰ ভিতৰত আছে বাকী থকা লক্ষ্য পূৰণৰ বাবে পৰীক্ষাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰা আৰু ৰোগী বা বাহক হিচাপে চিনাক্ত কৰা ব্যক্তিসকলৰ বাবে অনুসৰণ আৰু পৰামৰ্শ সেৱা নিশ্চিত কৰা।
উল্লেখযোগ্য যে ২০২৩ চনৰ ১ জুলাই তাৰিখে মধ্যপ্ৰদেশৰ শ্বাহদলৰ পৰা ৰাষ্ট্ৰীয় ছিকেল চেল এনিমিয়া নিৰ্মূলকৰণ অভিযানৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অভিযানৰ অধীনত সজাগতা সৃষ্টি কৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত আক্ৰান্ত জনজাতীয় অঞ্চলত ০-৪০ বছৰ বয়সৰ ৭ কোটি ব্যক্তিৰ সাৰ্বজনীন পৰীক্ষণ, কেন্দ্ৰীয় মন্ত্ৰণালয় আৰু ৰাজ্য চৰকাৰৰ সহযোগিতামূলক প্ৰচেষ্টাৰ জৰিয়তে পৰামৰ্শ প্ৰদান কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতত ছিকেল চেল এনিমিয়া নিৰ্মূল কৰাৰ লক্ষ্য ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
