
ৱাশ্বিংটন, ২৩ জুলাই (হি.স.)। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে মঙলবাৰে নিশ্চিত কৰিছে যে চীনে আমেৰিকা চৰকাৰৰ এজন কৰ্মচাৰীক দেশ এৰি যোৱাত বাধা দিছে। এই কৰ্মচাৰীজন ব্যক্তিগত ভ্ৰমণত চীনলৈ গৈছিল যদিও এতিয়া তেওঁক তাৰ পৰা যাবলৈ দিয়া হোৱা নাই। আমেৰিকা আৰু চীনৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে এই ঘটনা পোহৰলৈ আহিছে।
বিদেশ বিভাগে কৰ্মচাৰীজনৰ পৰিচয় প্ৰকাশ কৰা নাই যদিও তেওঁ বাণিজ্য বিভাগৰ অধীনস্থ আমেৰিকাৰ পেটেণ্ট এণ্ড ট্ৰেডমাৰ্ক কাৰ্যালয়ৰ সৈতে জড়িত বুলি কয়। ষ্টেট ডিপাৰ্টমেণ্টৰ এগৰাকী মুখপাত্ৰই কয় যে ‘আমি এই বিষয়টো অতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছো আৰু চীনৰ বিষয়াসকলৰ সৈতে ক্ষন্তেকীয়া সমাধানৰ বাবে আলোচনা কৰি আছো।’
বিদেশ বিভাগে এক বিবৃতিত কয় যে ‘আমেৰিকাৰ নাগৰিকৰ সুৰক্ষা আৰু মুক্তি আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ।’
দৰাচলতে যদি কোনো ব্যক্তি চীনত কোনো তদন্ত বা আইনী বিবাদৰ সৈতে জড়িত হয়, তেন্তে তেওঁক দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে। কিন্তু পশ্চিমীয়া দেশসমূহে অভিযোগ কৰিছে যে চীনে স্বেচ্ছাচাৰীভাৱে এই নীতিৰ অপব্যৱহাৰ কৰে আৰু বিদেশী নাগৰিকসকলো ইয়াৰ দ্বাৰা প্ৰভাৱিত হয়। এই নীতিৰ বাবেই শেহতীয়াকৈ ওৱেলছ ফাৰ্গো বেংকৰ এজন আমেৰিকান কৰ্মচাৰী চেনিউৱে মাওক চীন এৰি যাবলৈ বাধা দিয়া হৈছিল, তাৰ পিছত বেংকটোৱে চীনলৈ যোৱাৰ সকলো যাত্ৰা বন্ধ কৰি দিছে।
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনে মাওৰ গোচৰ সন্দৰ্ভত কয় যে তেওঁ অপৰাধমূলক তদন্তৰ অংশ আৰু আইনৰ অধীনত তেওঁক বাহিৰলৈ যাবলৈ বাধা দিয়া হৈছে। অৱশ্যে আমেৰিকা চৰকাৰৰ কৰ্মচাৰীজনৰ ক্ষেত্ৰত তেওঁ কয় যে এই বিষয়ে মোৰ হাতত কোনো তথ্য নাই।
ইয়াৰ পূৰ্বেও আমেৰিকাই চীনত কাৰ্যকৰী হোৱা এনে নীতিক লৈ উদ্বেগ প্ৰকাশ কৰি নাগৰিকসকলক তালৈ যাত্ৰা কৰাৰ আগতে চিন্তা কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু ২০২৪ চনৰ নৱেম্বৰ মাহত তিনিজন আমেৰিকান নাগৰিকক মুকলি কৰি দিয়াৰ পিছত ভ্ৰমণৰ সতৰ্কবাণী কিছু শিথিল কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
