কাঠমাণ্ডু, ২২ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ কাম-কাজত অসন্তুষ্ট নেপালী কংগ্ৰেছৰ ৭জন জ্যেষ্ঠ নেতাই দলৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাক মিত্ৰতা পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। এই নেতাসকলৰ ভিতৰত প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী প্ৰকাশমান সিং বিশিষ্ট।
নেপালী কংগ্ৰেছৰ ৭জন জ্যেষ্ঠ নেতাই এখন বৈঠক অনুষ্ঠিত কৰি অলি চৰকাৰে জনসাধাৰণৰ আৱেগ অনুসৰি কাম নকৰা, মিত্ৰজোঁটৰ নীতি অনুসৰণ নকৰা, চুক্তি অনুসৰি কাম আগবঢ়াই নিদিয়াত অসন্তুষ্টি প্ৰকাশ কৰি এই মিত্ৰতাৰ পুনৰ বিবেচনাৰ দাবী জনায়। প্ৰকাশমান সিঙৰ বাসগৃহত এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলৰ প্ৰাক্তন উপ-সভাপতি বিমলেন্দ্ৰ নিধি, প্ৰাক্তন উপ-সভাপতি গোপালমন শ্ৰেষ্ঠ, প্ৰাক্তন উপ-সভাপতি বিজয় কুমাৰ গচ্ছেদাৰ, প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী কৃষ্ণ সীতৌলা আৰু দলৰ মুখপাত্ৰ ডাঃ প্ৰকাশ শৰণ মহত উপস্থিত থাকে।
বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জ্যেষ্ঠ নেতা সীতৌলাই কয় যে মিত্ৰজোঁটৰ সময়ত দুয়োটা দলৰ মাজত হোৱা চুক্তি অনুসৰি চৰকাৰে কোনো কাম আগুৱাই নিব পৰা নাই। এই নেতাসকলে সিদ্ধান্ত লয় যে আজি দলৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাৰ সৈতে এখন বৈঠক অনুষ্ঠিত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
