শিমলা, ২১ জুলাই (হি.স.)। নিশাৰ পৰা হিমাচল প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণে জনজীৱন বিঘ্নিত কৰিছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে আজি বহু মহকুমাত সকলো শিক্ষানুষ্ঠানতে বন্ধ ঘোষণা কৰা হৈছে। চাম্বা জিলাত বৰষুণৰ বিধ্বংসী পৰিস্থিতিত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু ঠাইত ভূমিস্খলনৰ ফলত পথ বন্ধ হৈ পৰিছে। বতৰ বিজ্ঞান বিভাগে আগন্তুক ৭২ ঘণ্টাৰ বাবে বহু জিলাত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰিছে।
ৰাজ্যৰ মাণ্ডী, কাংগৰা, চাম্বা, শিমলা, ছিৰমৌৰ, সোলান, উনা, বিলাসপুৰ, হামিৰপুৰ আৰু কুল্লু জিলাত অবিৰতভাৱে বৰষুণ দি আছে। মাণ্ডী জিলাৰ থুনাগ, শিমলা জিলাৰ ৰোহৰু, জুব্বল, কুমাৰছাইন, চৌপাল আৰু জালুগ মহকুমাকে ধৰি বহু মহকুমাত আজিও বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ বন্ধ হৈ আছে। থিওগতো সংযোগী পথ বন্ধ হোৱাৰ বাবে এছডিএমৰ এদিনীয়া বন্ধ ঘোষণা কৰা হৈছে।
ধাৰাসাৰ বৰষুণৰ ফলত চাম্বা জিলাৰ গ্ৰাম পঞ্চায়ত চাডীৰ সুতাহ গাঁৱত এটা ঘৰত প্ৰচণ্ড শিল পৰি এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃত্যু হয়। একে সময়তে মাণ্ডী-কুল্লু ৰাষ্ট্ৰীয় ঘাইপথত পিছল অৱস্থা আৰু শিল খহি পৰাৰ বাবে ৪ মাইলৰ পৰা ৯ মাইলৰ ভিতৰত মাত্ৰ একমুখী যাতায়ত চলি আছে। পাণ্ডোহ-আউত পথটোও বন্ধ হৈ থকাৰ বিপৰীতে ছিৰমৌৰ জিলাৰ ৭০৭ নং ৰাষ্ট্ৰীয় ঘাইপথ শিল্লাই-লালধং আৰু আউত-লুহৰি ৰাষ্ট্ৰীয় ঘাইপথ ৩০৫তো ভূমিস্খলনৰ বাবে যাতায়ত ব্যাহত হৈ পৰিছে। শিমলা জিলাৰ ওপৰ অঞ্চলৰ বহু পথো ভূমিস্খলনৰ ফলত বন্ধ হৈ আছে।
ধাৰাসাৰ বৰষুণৰ বাবে বহু মথাউৰিৰ পৰাও পানী এৰি দিয়া হৈছে। আজি পুৱা ১০ বজাত কলদমৰ পৰা পানী এৰি দিয়া হয়, যাৰ বাবে নদীখনৰ জলপৃষ্ঠ ৪-৫ মিটাৰ বৃদ্ধি পাব পাৰে। লাৰ্জী বান্ধৰ পৰাও পানী এৰি দিয়া হৈছে আৰু অতিৰিক্ত পানীও এন জে এইচ পি এছ নাথপা বান্ধৰ পৰা ছতলেজ নদীলৈ এৰি দিয়া হৈছে। জনসাধাৰণ আৰু পৰ্যটকক নদী আৰু নৈৰ পৰা আঁতৰি থাকিবলৈ কঠোৰভাৱে সকীয়াই দিয়া হৈছে।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক তিনিদিন অধিক কঠিন হ’ব পাৰে। আজি উনা, বিলাসপুৰ, হামিৰপুৰ, কংৰা, সোলান, মণ্ডি আৰু ছিৰমৌৰত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ বাবে কমলা ৰঙৰ সতৰ্কতা। ২২ জুলাইত পুনৰ সোলান আৰু ছিৰমৌৰত কমলা সতৰ্কতা আৰু অন্যান্য জিলাত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। ২৩ জুলাইত পুনৰ উনা আৰু বিলাসপুৰত কমলা সতৰ্কতা আহিব।
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যত বৰ্তমানলৈ ১১৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৪ জন লোক নিৰুদ্দেশ হৈ আছে। আনহাতে ২১৫ জন লোক আহত আৰু ৩৪ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। মণ্ডীত সৰ্বাধিক ২১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৭ জন লোক নিৰুদ্দেশ হৈ আছে। ইয়াৰ উপৰিও কংগ্ৰাত ১৯ জন, কুল্লুত ১৫ জন, চাম্বাত ১০ জন, উনা, সোলান আৰু হামিৰপুৰত ৯ জনকৈ, শিমলা আৰু বিলাসপুৰত ৮ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে।
ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত ৩৭৭টা ঘৰ, ২৬৪খন দোকান আৰু ৯৪৫টা গো-গোহালি সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে ৭৩৩টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। মণ্ডি জিলাই সৰ্বাধিক বিধ্বংসী ৰূপ ধাৰণ কৰিছে, য’ত ৩৫০টা ঘৰ, ২৪১খন দোকান আৰু ৭৬৭টা গো-চাদৰ সম্পূৰ্ণ ধ্বংস হৈছে। ইয়াৰ উপৰিও এই পৰ্যন্ত ২১,৫০০ টা হাঁহ-কুকুৰা চৰাই আৰু ১২৮৮ টা পোহনীয়া জন্তুও হত্যা কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
