ঢাকা, ২১ জুলাই (হি.স.)। ৰাজধানী ঢাকাৰ উত্তৰাস্থিত মাইলষ্টোন স্কুল এণ্ড কলেজৰ অট্টালিকাত সোমবাৰে বিয়লি দুৰ্ঘটনাগ্ৰস্ত হয় বাংলাদেশ বায়ুসেনাৰ জেট এফ-৭ প্ৰশিক্ষণ বিমান। অগ্নিনিৰ্বাপক বাহিনীৰ লগতে অসামৰিক প্ৰতিৰক্ষা বিভাগে কমেও এজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে।
ঢাকা ট্ৰিবিউন আৰু দ্য ডেইলী ষ্টাৰৰ তথ্য অনুসৰি অগ্নিনিৰ্বাপক বাহিনীৰ কণ্ট্ৰল ৰুমৰ কৰ্তব্য বিষয়া লিমা খানামে কয় যে আমি দুপৰীয়া ১:১৮ বজাত দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰিছিলো। একাংশ খবৰ অনুসৰি দুৰ্ঘটনাটোৰ সময় দুপৰীয়া ১:৩০ বজাত। উত্তৰা, টংগী, পল্লাবি, কুৰমিতোলা, মিৰপুৰ আৰু পূৰ্বাঞ্চল অগ্নিনিৰ্বাপক বাহিনীৰ আঠটা ইউনিট স্থানত আছে।
উত্তৰ সংমণ্ডলৰ উপ আৰক্ষী আয়ুক্ত মহিদুল ইছলামে এই দুৰ্ঘটনা নিশ্চিত কৰিছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বিমানখনে অট্টালিকাটোত খুন্দা মৰাৰ সময়ত তীব্ৰ বিস্ফোৰণ হয়। ইয়াৰ ফলত কেম্পাছৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।
বাংলাদেশ আন্তঃসেৱা জনসংযোগ বিভাগৰ তথ্য অনুসৰি বিমানখনে দিনৰ ১:০৬ বজাত হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। তাৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়। বিদ্যালয়খনৰ সমীপত অৱস্থিত বন্ধুত্ব আৰু সহযোগিতা নিযুক্তি কাৰ্যালয়ৰ কৰ্মচাৰী ছাদমান ৰুহছিনে জনোৱা মতে, বিমানখনে বিদ্যালয় ভৱনত খুন্দা মাৰে। সেনা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সদস্যই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক নিৰাপদ স্থানলৈ লৈ যায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
