গোলাঘাট, ২১ জুলাই (হি.স.): গোলাঘাটৰ নুমলীগড়ৰ দেউপাহাৰ প্ৰস্তাৱিত বনাঞ্চলত সম্প্ৰতি জাৱৰৰ দম বান্ধিছে । কালি বিয়লি জাৱৰ পেলাবলৈ অহা এখন নম্বৰ প্লেট বিহীন মহেন্দ্ৰ বল’ৰো পিক আপ সহ ৭ জন লোকক আটক কৰে স্থানীয় যুৱকৰ দলে। নুমলীগড় তেল শোধনাগাৰ সম্প্ৰসাৰণ কামত নিয়োজিত শ্ৰী গণেশ নামৰ এটা কোম্পানীয়ে দেউপাহাৰত জাৱৰ পেলাওঁতে হাতে লোতে ধৰে গাড়ী সহ ৭ জন লোকক।
উল্লেখ্য় যে ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত দেউপাহাৰ বনাঞ্চলত বহু দিন ধৰি প্লাষ্টিক, টায়াৰ আৰু আৱৰ্জনা দীর্ঘদিনে পেলাই আহিছিল কোনো অসাধু চক্ৰই। ইফালে দেউপাহাত বন্য হাতীকে ধৰি বিভিন্ন প্ৰকাৰৰ জীৱ জন্তুৰ বাবে এই আৱর্জনাই সৃষ্টি কৰি আহিছিল বিপদ। ভিন্ন সময়ত এই বিষয়ত নুমলীগড় বন বিভাগত আভিযোগ দাখিল কৰিছিল বিভিন্ন প্ৰকৃতি প্ৰেমী মহলে। কিন্তু আজিলৈকে কোনো ব্যৱস্থা নোলোৱাত অৱশেষত এই গাড়ীখন ধৰি উচিত শাস্তি আৰু দেউপাহাৰত জাৱৰ পেলোৱা বন্ধ কৰা তথা আন আন নিৰ্দিষ্ট ঠাইত জাৱৰ জোথৰ পেলাবলৈ দাবী জনায় প্ৰতিবাদমুখৰ হৈ পৰে দেউপাহাৰৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
