নতুন দিল্লী, ২১ জুলাই (হি.স.)। সংসদৰ বৰ্ষাকালিন অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে । যোৱাকালি দেওবাৰে সৰ্বদলীয় বৈঠকত কংগ্ৰেছে স্পষ্ট কৰি দিছে যে প্ৰধানমন্ত্ৰীয়ে অপাৰেচন সিন্দুৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ দাবী, বিহাৰৰ ভোটাৰ তালিকাৰ নিবিড় পুনৰীক্ষণ আৰু মণিপুৰ আদি বিষয়ত উত্তৰ দিব লাগে। ইফালে নিয়ম আৰু পৰম্পৰা অনুসৰি প্ৰতিটো বিষয়ত আলোচনা কৰিবলৈ সাজু বুলি চৰকাৰে জানিবলৈ দিয়ে।
আজিৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালিন অধিৱেশন ২১ আগষ্টলৈ চলিব। অধিৱেশনখন সুচাৰুৰূপে পৰিচালনাৰ বাবে দেওবাৰে ৰাজ্যসভাৰ সদনৰ নেতা জে পি নড্ডাৰ অধ্যক্ষতাত সংসদ গৃহ পৰিশিষ্টত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়।
এই বৈঠক ডেৰ ঘণ্টাৰো অধিক সময় ধৰি চলিছিল। এই বৈঠকত বিজেপি আৰু এন ডি এ দলকে ধৰি সকলো বিৰোধী দলৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত লোকসভাৰ কংগ্ৰেছৰ উপ-নেতা গৌৰৱ গগৈয়ে কংগ্ৰেছে উত্থাপন কৰা বিষয়সমূহ শ্বেয়াৰ কৰে।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে বহু গুৰুত্বপূৰ্ণ বিষয়ত সকলো দলে নিজৰ মতামত প্ৰকাশ কৰিছে যে এইবোৰ সদনত আলোচনা হ’ব লাগে। ইয়াৰ বাবে আমি মুকলি হৃদয়েৰে সাজু আছো। আমি নিয়ম আৰু পৰম্পৰা মানি চলোঁ। গতিকে প্ৰতিটো বিষয়ৰ ওপৰত নিয়ম আৰু পৰম্পৰা অনুসৰি আলোচনা কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
