নতুন দিল্লী, ২০ জুলাই (হি.স.)। বিশ্বৰ আটাইতকৈ বয়সীয়াল খেলুৱৈ ফৌজা সিঙৰ অন্ত্যেষ্টিক্ৰিয়া আজি দেওবাৰে দিনৰ ভাগত জলন্ধাৰৰ জন্মস্থান গাঁও বিয়াছ পিণ্ডৰ শ্মশানত অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হ’ব। কানাডা আৰু ইংলেণ্ডৰ পৰা তেওঁৰ সকলো আত্মীয়ই জলন্ধৰ পাইছেহি।
উল্লেখ্য যে যোৱা ১৪ জুলাই তাৰিখে পাঠানকোট-জলন্ধৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ গাঁও বিয়াছ পিণ্ডত ফৌজা সিঙক তীব্ৰবেগী ফৰ্চুনাৰ গাড়ীয়ে খুন্দা মাৰে, য’ত ১১৪ বছৰীয়া প্ৰবীণ খেলুৱৈগৰাকীৰ মৃত্যু হয়। এই গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবাসী প্ৰবাসী অমৃতপাল নামৰ লোকজনক।
ফৌজা সিঙৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে বিদেশত বসবাস কৰা তেওঁৰ আত্মীয়সকল অহালৈ অপেক্ষা কৰি আছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
