কামৰূপ, ২০ জুলাই (হি.স.): হাজো দামপুৰত এগৰাকী নৱ বিবাহিতাৰ হত্যাকাণ্ডক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। যোৱা কালি শনিবাৰে বিয়লি বোৱাৰী গৰাকীৰ মৰণোত্তৰৰ পিছত মৃতদেহ নিজ পিতৃ গৃহৰ পোৱাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিবেশৰ।
উল্লেখযোগ্য যে চাৰিবছৰ পুৰ্বে একেখন গাঁৱৰ যুৱক তহিদুৰৰ লগত প্ৰেম হয় মুন্নীৰ। ইয়াৰ পিছতে ছদিন পুৰ্বে তহিদুৰে পলুৱাই লৈ গৈছিল প্ৰেমিকা মুন্নীক । পলুৱাই নিয়াৰ পিছত তহিদুৰ আৰু মুন্নীৰ মাজত নিকাহো সম্পন্ন হৈছিল। শুক্ৰবাৰে বিয়লি ভাগত হত্যা কৰি মুন্নীক শুৱালকুছি স্থিত সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত চিকিৎসকে কেইবা ঘন্টা পুৰ্বে মুন্নীৰ মৃৰ্ত্যু হোৱা বুলি জানিবলৈ দিয়ে।এই গুৰুতৰ অভিযোগ মুন্নীৰ পৰিয়ালৰ লোকৰ।
মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত পিতৃ গৃহ পোৱাৰ পিছতে এক উত্তেজক পৰিস্থিতিৰ সৃষ্টি হয় যদিও হাজো আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হয়। মুন্নীৰ পৰিয়ালৰ লোকসকলে তহিদুৰৰ লগতে পিতৃ-মাতৃ তথা ভাতৃক গ্ৰেপ্তাৰ কৰি ফাঁচীৰ দাবী তুলিলে শোকদগ্ধ পৰিয়ালটোৱে।
উল্লেখ্য যে ছদিন পুৰ্বে পলুৱাই নি পাষাণ স্বামী তহিদুৰ আৰু পৰিয়ালৰ লোকে সংঘটিত কৰা এই লোমহৰ্ষক হত্যাকাণ্ডই জোকঁৰিছে হাজোৰ দামপুৰ অঞ্চল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
