নতুন দিল্লী, ১৯ জুলাই (হি.স.)। উদ্ভাৱন আৰু স্মাৰ্ট নিৰ্মাণকাৰ্য (মেনুফেকচাৰিং)ৰ প্ৰসাৰৰ দিশত এক কৌশলগত পদক্ষেপ হিচাপে বিত্ত মন্ত্ৰালয়ৰ ৰাজহুৱা উদ্যোগ বিভাগে শুকুৰবাৰে নতুন দিল্লীত উদ্যোগ ৪.০ বিষয়ক কৰ্মশালাৰ আয়োজন কৰে। ইয়াৰ মাজতে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু প্ৰবীণসকলে নিজৰ মতামত প্ৰকাশ কৰে।
শনিবাৰে বিত্ত মন্ত্ৰালয়ে এক বিবৃতিযোগে সদৰি কৰামতে এই কৰ্মশালাখন উদ্বোধন কৰে ৰাজহুৱা উদ্যোগ বিভাগৰ সম্পাদক কে মোজেছ চালাইয়ে। এই উপলক্ষে তেওঁ সাধাৰণ উদ্দেশ্যৰ প্ৰযুক্তিৰ বিষয়ে চমুকৈ আলোচনা কৰে। চালাই চতুৰ্থ ঔদ্যোগিক বিপ্লৱক ৰাষ্ট্ৰীয় অভিযান হিচাপে গ্ৰহণ কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰালয়ে কয় যে শক্তি, বিজুলী, নিৰ্মাণ, আন্তঃগাঁথনি, টেলিকম আৰু সেৱা আদি খণ্ডত উদ্যোগ ৪.০ প্ৰযুক্তি গ্ৰহণ আৰু সম্প্ৰসাৰণৰ কৌশলৰ বিষয়ে এই কৰ্মশালাত আলোচনা কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
