
নতুন দিল্লী, ১৯ জুলাই (হি.স.)। দিল্লীৰ সীমান্ত নিৰাপত্তা বাহিনীৰ কাৰ্যালয়ত নিযুক্তি দিয়া সহকাৰী একাউণ্ট বিষয়া (এ এ অ’)ক ৪০ হাজাৰ টকাৰ উৎকোচ লৈ থকা অৱস্থাত চিবিআইয়ে হাতে লোতে ধৰে। বিএছএফৰ কাৰ্যালয়ত কাৰ্য্যনিৰ্বাহ কৰা এএঅ’ ধৰ্মেন্দ্ৰ কুমাৰ ভাৰ্মা নামৰ লোকজনে ২ লাখ টকাৰ উৎকোচ দাবী কৰা বুলি অভিযোগ লাভ কৰাৰ পিছতেই ১৮ জুলাইত চি বি আইয়ে এই অভিযান চলায়।
অভিযোগকাৰীয়ে জনোৱা মতে, অভিযুক্ত এ এ অ’ই তেওঁৰ দৰমহা আৰু বাকী থকা বিল পৰিশোধৰ পৰিৱৰ্তে ১৫ৰ পৰা ২০ শতাংশ উৎকোচ দাবী কৰিছিল, যিটো মুঠতে প্ৰায় ২ লাখ টকা আছিল। কথা-বতৰাৰ সময়ত সিদ্ধান্ত লোৱা হ’ল যে অভিযোগকাৰীৰ পৰা সম্পূৰ্ণ ধন লোৱা হ’ব। এই বিষয়টো চিবিআইয়ে গুৰুত্বসহকাৰে লৈ খাপ পাতি অভিযুক্ত এএঅ’ক ৰঙা হাতে লোতে কৰায়ত্ত কৰে।
অভিযোগকাৰীৰ পৰা প্ৰথম কিস্তি হিচাপে ৪০ হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে ধৰা পৰে এ এ অ’ ধৰ্মেন্দ্ৰ। এই ধনৰাশি আছিল দাবী কৰা ২ লাখ টকাৰ এটা অংশ। ঘটনাস্থলীৰ পৰাই তেওঁক জিম্মাত লৈ চিবিআইয়ে অধিক তদন্ত আৰম্ভ কৰিছে। সম্প্ৰতি চিবিআইয়েও এই সমগ্ৰ কেলেংকাৰিত আৰু কোন জড়িত আছে সেই কথা জানিবলৈ চেষ্টা চলাইছে। ইয়াৰ লগত আন বিষয়া বা কৰ্মচাৰীও জড়িত আছে নে নাই সেই বিষয়েও তদন্ত চলি আছে। ধৃত অভিযুক্তক আদালতত হাজিৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি চিবিআইয়ে জনায়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ
