–ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমখন বৃহৎ ফেডাৰেল আইনত স্বাক্ষৰ
ৱাশ্বিংটন, ১৯ জুলাই (হি.স.)। বিশ্ব অৰ্থনীতিৰ ইতিহাসত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে আমেৰিকাত বিপ্লৱী পৰিৱৰ্তন। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউছত জিনিয়াছ এক্ট (প্ৰথম বৃহৎ ফেডাৰেল আইন) স্বাক্ষৰ কৰাৰ লগে লগে দেশখনে ক্ৰিপ্টোকাৰেন্সীৰ যুগত প্ৰৱেশ কৰে। বৃহস্পতিবাৰে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছে দ্বিপাক্ষিক সমৰ্থনত জিনিয়াছ এক্ট (ফেডাৰেল ক্ৰিপ্টোকাৰেন্সীৰ প্ৰধান বিল) গৃহীত কৰে। এমাহ পূৰ্বে ছিনেটে অনুমোদন জনাইছিল।
এবিচি নিউজৰ তথ্য অনুসৰি ট্ৰাম্পৰ পৰিয়ালে আৰম্ভণিৰে পৰা ক্ৰিপ্টোকাৰেন্সীৰ পক্ষত আছিল। ৰাষ্ট্ৰপতিৰ এক ডাঙৰ অগ্ৰাধিকাৰ এই বিধেয়কখনে ষ্টেবলকইন (নিৰ্দিষ্ট ধৰণৰ ডিজিটেল মুদ্ৰা)ক অধিক সুলভ আৰু মূলসুঁতিলৈ অনাৰ পথ মুকলি কৰিব। ৰাজহুৱা মঞ্চত ইয়াৰ গুৰুত্বৰ বিষয়ে বহুবাৰ আলোচনা কৰিছে ট্ৰাম্পে। মন কৰিবলগীয়া যে চলিত বৰ্ষৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ ক্ৰিপ্টো মিম ক’ইন মুকলি কৰিছিল।
স্বাক্ষৰ কৰাৰ পিছত ট্ৰাম্পে কয়, মই প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ। মই কৈছিলো যে আমি আমেৰিকাক বিশ্বৰ ক্ৰিপ্টো ৰাজধানী কৰিম। মই সেইটো কৰিলোঁ। ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলে কয় যে ষ্টেবলকইন হ’ব ক্ৰিপ্টোকাৰেন্সী যাৰ মূল্য হ’ব আমেৰিকান ডলাৰৰ দৰে স্থিতিশীল সম্পত্তিৰ দৰে। জিনিয়াছ আইনখনে বেংক আৰু অন্যান্য প্ৰতিষ্ঠানসমূহে এই মুদ্ৰাসমূহ জাৰি কৰাত সহজ কৰি তোলে। ইয়াৰ ফলত এই সম্পত্তিসমূহৰ ওপৰত জনসাধাৰণৰ আস্থা বৃদ্ধি পাব। একে সময়তে উদ্যোগসমূহৰ সামগ্ৰিক উন্নয়ন হ’ব।
ৰাষ্ট্ৰপতি ট্ৰাম্পে কংগ্ৰেছক আগষ্টৰ ভিতৰত এই ঐতিহাসিক বিধেয়কখন অনুমোদন কৰি তেওঁক প্ৰেৰণ কৰিবলৈ কৈছিল। হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ বিত্তীয় সেৱা সমিতিৰ অধ্যক্ষ ৰিপাব্লিকান প্ৰতিনিধি ফ্ৰেঞ্চ হিলে কয় যে আমি ট্ৰাম্পৰ ইচ্ছাক সন্মান জনাইছো। তেওঁ কয় যে সদনত ৰিপাব্লিকান সদস্যসকলৰ মাজত ৯ ঘণ্টীয়া বিতৰ্কৰ অন্তত ৩০৮ৰ বিপৰীতে ১২২ ভোটত এই বিধেয়কখন গৃহীত কৰা হৈছে। খবৰ অনুসৰি বহু ডেম’ক্ৰেটেও এই বিধেয়কখনক সমৰ্থন কৰিছিল।
কিন্তু সদনৰ বিত্তীয় সেৱা সমিতিৰ জ্যেষ্ঠ সদস্য ডেম’ক্ৰেটিক প্ৰতিনিধি মেক্সিন ৱাটাৰ্ছে এই বিধেয়কখনক তীব্ৰ সমালোচনা কৰে। ইয়াৰ দ্বাৰা ট্ৰাম্প পৰিয়ালৰ সৈতে জড়িত এটা কোম্পানী লাভৱান হ’ব বুলিও তেওঁ কয়। শেহতীয়াকৈ ই নিজৰ stablecoin মুকলি কৰিছে। তেওঁ কয় যে ট্ৰাম্প পৰিয়ালৰ সৈতে জড়িত কোম্পানী ৱৰ্ল্ড লিবাৰ্টি ফাইনেন্সিয়েলৰ ক্ৰিপ্টো ভেঞ্চাৰত ৬০ শতাংশ অংশীদাৰিত্ব আছে।
ৱৰ্ল্ড লিবাৰ্টি ফাইনেন্সিয়েলে ইয়াৰ পূৰ্বে এক বিবৃতিত কৈছিল যে আমেৰিকা চৰকাৰৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই। ই এটা ব্যক্তিগত কোম্পানী। হোয়াইট হাউছে কয় যে ইয়াৰ দ্বাৰা কাৰো স্বাৰ্থ পূৰণ নহ’ব। ট্ৰাম্পৰ সম্পত্তি এতিয়া তেওঁৰ সন্তানৰ। সমালোচকসকলে কয় যে ট্ৰাম্প আৰু তেওঁৰ পৰিয়ালে ক্ৰিপ্টোকাৰেন্সীৰ বজাৰত সম্পূৰ্ণৰূপে নিজকে বিলীন কৰি দিছে। ক্ৰিপ্টো সমৰ্থকসকলে এইটোক তেওঁলোকৰ ডাঙৰ জয় বুলি বিবেচনা কৰিছে। তেওঁলোকে দীৰ্ঘদিন ধৰি এনে নিয়ন্ত্ৰণ কাঠামোৰ বাবে লবী কৰি আহিছে যাতে ইয়াক বৈধতা প্ৰদান কৰা হয়। এই উপলক্ষে ট্ৰাম্পে কয় যে এই স্বাক্ষৰ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
