নতুন দিল্লী, ১৯ জুলাই (হি.স.)। জনসত্তাৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰভাশ যোশীৰ জন্ম জয়ন্তী উপলক্ষে কাইলৈ দেওবাৰে বিয়লি ৪ বজাত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজঘাটৰ সত্যগ্ৰহ মণ্ডপত ‘প্ৰভাস প্ৰসংগ’ৰ আয়োজন কৰা হ’ব। এই তথ্য আজি প্ৰভাস পৰমপাৰা ন্যাসৰ সম্পাদক মনোজ মিশ্ৰই দিয়ে।
প্ৰভাস পৰম্পৰা ন্যাসৰ সম্পাদক মিশ্ৰই কয় যে পদ্মভূষণেৰে সন্মানিত বিশিষ্ট সাংবাদিক তথা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সভাপতি ৰাম বাহাদুৰ ৰায়ে ‘৫০ বছৰীয়া জৰুৰীকালীন অৱস্থা: অভিজ্ঞতা, অধ্যয়ন আৰু পাঠ’ বিষয়ক প্ৰভাস যোশী সোঁৱৰণী বক্তৃতা প্ৰদান কৰিব। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক জৱাহৰলাল কৌলে সভাপতিত্ব কৰিব।
মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আৰু বিশেষ অতিথি হিচাপে মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লা। পদ্মশ্ৰী প্ৰহ্লাদ সিং টিপানিয়াৰ কবীৰ ভজন গায়নো হ’ব। ২০০৯ চনৰ ৫ নৱেম্বৰত প্ৰভাস যোশীৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পৰম্পৰা অব্যাহত ৰাখিবলৈ গঠন হোৱা প্ৰভাস পৰম্পৰা ন্যাসে ধাৰাবাহিকভাৱে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰি আছে। একে ক্ৰমতে দেওবাৰে (২০ জুলাই) প্ৰভাস পৰ্বৰ আয়োজন কৰা হৈছে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
