• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > প্ৰতিদিনে নেপালৰ পৰা ২৩০০ লোকৰ প্ৰব্ৰজন
International

প্ৰতিদিনে নেপালৰ পৰা ২৩০০ লোকৰ প্ৰব্ৰজন

CliQ INDIA
Last updated: July 19, 2025 7:20 pm
CliQ INDIA
Share
2 Min Read
SHARE

কাঠমাণ্ডু, ১৯ জুলাই (হি.স.)। বিদেশলৈ প্ৰব্ৰজন কৰা নেপালৰ যুৱকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰতিদিনে নেপালৰ পৰা গড়ে ২৩০০ যুৱক-যুৱতী কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈছে।

নেপাল চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনস্থ নিয়োগ বিভাগৰ তথ্য অনুসৰি ২০২৪/২৫ বিত্তীয় বৰ্ষত অভিলেখ সংখ্যক নেপালীক বিদেশী নিয়োগৰ বাবে শ্ৰম অনুমতি প্ৰদান কৰা হৈছে। বিভাগটোৱে শনিবাৰে জনোৱা মতে, এই বিত্তীয় বৰ্ষত মুঠ ৮,৩৯,২৭০জন ব্যক্তিক শ্ৰমিক অনুমোদন প্ৰদান কৰা হৈছে, যিটো এতিয়ালৈকে ৰেকৰ্ড কৰা সৰ্বোচ্চ সংখ্যা। ইয়াৰে মুঠ ৭,৪৪,৮১১জন পুৰুষ আৰু ৯৪,৪৫৫গৰাকী মহিলা। বিভাগটোৰ উদ্যোগত আয়োজিত সংবাদমেলৰ সময়ত এই তথ্য ৰাজহুৱা কৰা হয়।

বিভাগীয় সঞ্চালক প্ৰধান কমল প্ৰসাদ ভট্টৰাইয়ে কয় যে ৬০ শতাংশ অনুমতি পত্ৰ প্ৰথমবাৰৰ বাবে আবেদন কৰাসকলক প্ৰদান কৰাৰ বিপৰীতে ৪০ শতাংশ অনুমতি নবীকৰণ কৰা হৈছে। তেওঁ কয় যে নিযুক্তি সংস্থাৰ জৰিয়তে ৩,৫৯,৬৭৫টা অনুমতি পত্ৰ প্ৰদান কৰা হৈছে, আনহাতে ৩,৩৩,৩০৯টা নবীকৰণ। ইয়াৰে ১,৩৩,৬২৭টা নতুন ব্যক্তিগত অনুমতি আৰু ১২,৬৫৩টা দক্ষিণ কোৰিয়া, ইজৰাইল আৰু যুক্তৰাজ্যত চৰকাৰৰ পৰা চৰকাৰলৈ (জি টু জি) কাৰ্যসূচীৰ অধীনত অনুমোদিত।

২০২৪/২৫ চনত নেপালী শ্ৰমিকসকলৰ বাবে শীৰ্ষ দহটা বিদেশী নিয়োগৰ গন্তব্যস্থান আছিল সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই), চৌদি আৰব, কাটাৰ, কুৱেইট, মালয়েছিয়া, ৰোমানিয়া, জাপান, দক্ষিণ কোৰিয়া, ক্ৰ’ৱেচিয়া আৰু বাহৰেইন। গড়ে প্ৰতিমাহে ৬৯,৯৩৯ টা অনুমতি পত্ৰ প্ৰদান কৰা হৈছিল, বিত্তীয় বৰ্ষটোত প্ৰতিদিনে প্ৰায় ২,৩০০ টা অনুমতি পত্ৰ প্ৰদান কৰা হৈছিল। বিভাগটোৰ তথ্য অনুসৰি ইউ এ ইয়ে সৰ্বাধিক নেপালী শ্ৰমিক লাভ কৰিছিল।

ছৌদি আৰব, কাটাৰ, কুৱেইট, ওমান, দক্ষিণ কোৰিয়া, জাপান, মালয়েছিয়া, বাহৰেইন আৰু ইউৰোপৰ কেইবাখনো দেশকে ধৰি ৬৯খন দেশৰ বাবে প্ৰতিষ্ঠানিক আৰু ব্যক্তিগত উভয় ধৰণৰ শ্ৰমিকৰ অনুমতি প্ৰদান কৰা হৈছিল।

২০২৪/২৫ বিত্তীয় বৰ্ষত ২০২৪ চনৰ ডিচেম্বৰ মাহত সৰ্বাধিক শ্ৰম অনুমতি প্ৰদান কৰা হৈছে। বিগত পাঁচ বছৰত মুঠ ৩,৫১৬,৯৬৫ জন ব্যক্তিয়ে শ্ৰমিক অনুমতি লাভ কৰিছে। ইয়াৰে কেৱল ২০২৪/২৫ চনত ৮ লাখ ৩৯ হাজাৰতকৈ অধিক জাৰি কৰা হৈছে, যিটো এতিয়ালৈকে সৰ্বাধিক বাৰ্ষিক সংখ্যা। সঞ্চালক প্ৰধান ভট্টৰাইৰ তথ্য অনুসৰি মুঠ পাঁচ বছৰৰ ভিতৰত ৩,১৮১,১৯১ জন পুৰুষ আৰু ৩৩৫,৭৭৪ জন মহিলা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে অক্সফৰ্ডত উন্মোচন কৰিলে পেৰিয়াৰৰ প্ৰতিকৃতি
কলম্বিয়াৰ সামৰিক বিমান দুৰ্ঘটনাত পেৰু সীমান্তৰ ওচৰত ৬৬ জন সৈনিক নিহত
আন্তঃৰাষ্ট্ৰীয় মানৱ সংহতি দিৱসত চীনৰ পেলেষ্টাইনী জনসাধাৰণক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্কক লৈ ফেডাৰেল চাৰ্কিট আপীল আদালতত প্ৰশ্ন উত্থাপন, ন্যায়াধীশসকলৰ আশ্বৰ্যপ্ৰকাশ
উত্তৰ কলম্বিয়াত গেৰিলা যুদ্ধ, তিনিদিনত ৮০ জনতকৈ অধিক লোকৰ মৃত্যু | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইডিৰ ২১ জুলাইত বেটিং এপ গোচৰত গুগল আৰু মেটাক চমন
Next Article কাইলৈ দিল্লীৰ ৰাজ ঘাটৰ সত্যগ্ৰহ মণ্ডপত ‘প্ৰভাস প্ৰসংগ’
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?