আংকাৰা (তুৰস্ক), ১৯ জুলাই (হি.স.)। তুৰস্কত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত টম বেৰেকে শুকুৰবাৰে কয় যে ছিৰিয়া আৰু ইজৰাইলে যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তি তুৰস্ক, জৰ্ডান আৰু অন্যান্য চুবুৰীয়া দেশসমূহে মানি লৈছে। বেৰেক ছিৰিয়াত আমেৰিকাৰ বিশেষ দূতো। এই তথ্য তেওঁ এক্স পোষ্টত শ্বেয়াৰ কৰে।
চিএনএন চেনেলৰ বাতৰি অনুসৰি বেৰেকে ড্ৰুজ, বেডুইন আৰু চুন্নীসকলক অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে এই লোকসকলে অন্যান্য সংখ্যালঘুৰ সৈতে একত্ৰিত হ’ব লাগে আৰু চুবুৰীয়া দেশৰ সৈতে শান্তি আৰু সমৃদ্ধিৰ সৈতে একত্ৰিত হৈ ছিৰিয়াৰ পৰিচয় গঢ়ি তুলিব লাগে। আনহাতে, ছিৰিয়াত আমেৰিকাৰ বিশেষ দূত বেৰেকৰ ঘোষণা সন্দৰ্ভত কোনো পক্ষই কোনো মন্তব্য কৰা নাই।
উল্লেখযোগ্য যে বুধবাৰে ইজৰাইলে ছিৰিয়াত বিমান আক্ৰমণ চলাইছিল। ইজৰাইলে কৈছিল যে আৰব ধৰ্মীয় সংখ্যালঘু ড্ৰুজক সুৰক্ষা দিব। ছিৰিয়াত একনায়কত্ববাদী বছৰ আল আছাদৰ পতনৰ পিছত চৰকাৰ সমৰ্থক বাহিনী আৰু ড্ৰুজৰ মাজত সংঘৰ্ষত বহু লোকৰ মৃত্যু হৈছে। ইজৰাইলে দামাস্কাছত কৰা বিমান আক্ৰমণত কেইবাটাও চৰকাৰী ভৱন লক্ষ্য কৰি লোৱা হৈছিল। কমেও তিনিজন লোকৰ মৃত্যু হয়। ছিৰিয়াৰ এটা টেলিভিছন চেনেলৰ এটা ভিডিঅ’ত লাইভ সম্প্ৰচাৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱনত আক্ৰমণ কৰা দেখা গৈছে। এই সময়ত এংকৰগৰাকীয়ে লুকাই থাকিব লগা হৈছিল।
বুধবাৰে নিশা স্থানীয় সময় অনুসৰি ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমেদ আল শ্বাৰাই কয় যে ছিৰিয়াৰ সেনাই ছুৱায়দাৰ পৰা পিছুৱাই গৈছে। ইয়াৰ পিছত আল-শ্বাৰাৰ চৰকাৰেও ড্ৰুজ ফৈদৰ সৈতে নতুন যুদ্ধবিৰতি ঘোষণা কৰে। একে সময়তে আমেৰিকাই ক্ৰমবৰ্ধমান উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰি সংঘাত সমাধানৰ বাবে কূটনৈতিক প্ৰচেষ্টা আৰম্ভ কৰে।
তুৰস্কৰ বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি শুকুৰবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই তুৰস্কৰ বৈদেশিক মন্ত্ৰী হাকান ফিডানৰ সৈতে ফোনযোগে কথা পাতি এই বিষয়ত আলোচনা কৰে। বুধবাৰে নিশা ৰুবিঅ’ই কয় যে সংঘাতৰ সৈতে জড়িত সকলো পক্ষই পৰিস্থিতি সমাধানৰ বাবে সন্মতি প্ৰকাশ কৰিছে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
