
বৰপেটা, ১৯ জুলাই (হি.স.): বজালীৰ পুঠিমাৰী গাঁৱত যোৱাকালি শুকুৰবাৰে নিশা ৰাইজৰ সহযোগত আৰক্ষীয়ে চাৰি কাৰ্টন সুৰা জব্দ কৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ স্থানীয় ৰাইজৰ সহযোগত সৰুপেটা আৰক্ষীয়ে উদ্ধাৰ কৰে অবৈধ সুৰাখিনি। ইপিনে দোকানখনৰ স্বত্বাধিকাৰীগৰাকী আৰক্ষী অহাৰ খবৰ পোৱাৰ পাছতে পলাই যায় ৷
উল্লেখ্য যে বজালী আৱকাৰী বিভাগৰ সোপাধিলা স্বৰূপৰ বাবে পুঠিমাৰীকে ধৰি পাৰ্শৱৰ্তী অঞ্চলসমূহত দীৰ্ঘদিন ধৰি সুৰাৰ ৰমৰমীয়া বেহা চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ লক্ষনীয় যে বজালী আৱকাৰী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে অবৈধ সুৰা ব্যৱসায়ৰ লগত জড়িতসকলৰ সৈতে মিতিৰালি কৰাৰ ফলতে এনেদৰে বিভিন্ন প্ৰান্তৰ দোকানত অবৈধ সুৰাৰ বেহা চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
