ৰায়পুৰ, ১৮ জুলাই (হি.স.)। আজি পুৱা ছত্তীশগড়ৰ ভিলাইত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেশ বাঘেল আৰু তেওঁৰ পুত্ৰ চৈতন্য বাঘেলৰ গৃহ চৌহদত প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান চলে। পুৱা ৬ বজাত প্ৰায় ১২ গৰাকী ইডিৰ বিষয়া বাঘেলৰ বাসগৃহত উপস্থিত হয়। তেওঁলোকৰ সৈতে বৃহৎ সংখ্যক চি আৰ পি এফ জোৱানও উপস্থিত আছে। চৰকাৰী সূত্ৰই জনোৱা মতে, ২১৬১ কোটি টকাৰ সুৰা কেলেংকাৰিৰ গোচৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ভূপেশ বাঘেলে ইনষ্টাগ্ৰামত লিখিছে, ইডি আহি পাইছে। আজি বিধানসভাৰ অধিৱেশনৰ অন্তিম দিন। আজি আদানীৰ বাবে তামনাৰত গছ কটাৰ বিষয়টো উত্থাপন হ’ব লাগিছিল। চাহেবে ইডিক ভিলাই বাসগৃহলৈ প্ৰেৰণ কৰিছে।” কংগ্ৰেছে অভিযান নিশ্চিত কৰি নিজৰ তথ্য নিজৰ চৰকাৰী গোটত শ্বেয়াৰ কৰিছে। ইডিৰ দলটো এতিয়াও ভিলাইত থকা বাঘেলৰ বাসগৃহত উপস্থিত আছে। ইয়াৰ পূৰ্বে ২০২৫ চনৰ মাৰ্চ মাহত ভূপেশ বাঘেলৰ ঘৰত ইডিয়ে অভিযান চলাইছিল। তাৰ পিছত ঘৰৰ পৰা নগদ ধন জব্দ কৰাৰ পিছত নোট গণনা মেচিন এটাও মাতিলে। উল্লেখযোগ্য যে ছত্তীশগড়ত সংঘটিত সুৰা কেলেংকাৰিৰ তদন্তত ইডিয়ে ডাঙৰ কথা প্ৰকাশ কৰিছে। তদন্তত পোহৰলৈ আহিছে যে ৰাজ্যত এটা সংগঠিত সুৰা ছিণ্ডিকেট চলি আছিল। আনোৱাৰ ধেবৰ, অনিল টুতেজাকে ধৰি বহু কেইজন ইয়াৰ লগত জড়িত আছিল। এই কেলেংকাৰিৰ পৰা প্ৰায় ২১৬১ কোটি টকাৰ অবৈধ উপাৰ্জন হৈছিল। মন কৰিবলগীয়া যে এই গোচৰত জেলত আছে প্ৰাক্তন মন্ত্ৰী কাৱাসী লখমা।
ইডি অভিযানৰ তথ্য পোৱাৰ লগে লগে কংগ্ৰেছ কৰ্মীসকলে ভূপেশ বাঘেলৰ ভিলাই-৩ৰ বাসগৃহত উপস্থিত হ’বলৈ আৰম্ভ কৰিছে। চাৰোদা পৌৰ নিগমৰ অধ্যক্ষ কৃষ্ণ চন্দ্ৰকাৰে কয়, প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে সকলোতে গৈ কংগ্ৰেছৰ আধিপত্য প্ৰতিষ্ঠা কৰিছে। ইয়াৰ ফলত বিজেপিৰ বহু ক্ষতি হৈছে। বিধানসভাৰ অধিৱেশনত কংগ্ৰেছে অহৰহ ৰাজ্যৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন কৰি আছে। ইয়াৰ বাবে ভয় খাই ভূপেশ বাঘেলক ৰোধ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
