–ভাৰতৰ হৈ একমাত্ৰ গ’লটো অধিনায়ক সঞ্জয়ে
এণ্টৱাৰ্প (বেলজিয়াম), ১৮ জুলাই (হি.স.)। ইউৰোপ ভ্ৰমণৰ অংশ হিচাপে বৃহস্পতিবাৰে বেলজিয়ামৰ বিৰুদ্ধে খেলা খেলখনত ইণ্ডিয়া ‘এ’ পুৰুষৰ হকী দলে ১-৩ গ’লত পৰাস্ত হয়। এই মেচখন এণ্টৱাৰ্পৰ স্প’ৰ্টচেণ্ট্ৰাম উইলৰিজকচেপ্লেইন খেলপথাৰত অনুষ্ঠিত হৈছিল। ভাৰতীয় দলৰ একমাত্ৰ গ’লটো অধিনায়ক সঞ্জয়ে কৰে।
বেলজিয়ামে খেলখন দ্ৰুতগতিত আৰম্ভ কৰি প্ৰথম কোৱাৰ্টাৰত তিনিটা গ’ল দি ভাৰতৰ ওপৰত প্ৰাৰম্ভিক হেঁচা প্ৰয়োগ কৰে। কিন্তু ইয়াৰ পিছত ভাৰতীয় খেলুৱৈসকলে ধৈৰ্য্য দেখুৱাই ভাল খেলিছিল আৰু বলৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিছিল। ভাৰতৰ একমাত্ৰ গ’লটো শেষ কোৱাৰ্টাৰতহে গ’ল।
মেচৰ পিছত দলৰ প্ৰশিক্ষক শিবেন্দ্ৰ সিঙে কয়, যদিও আৰম্ভণি অলপ দুৰ্বল আছিল, কিন্তু সামগ্ৰিকভাৱে প্ৰদৰ্শন ভাল আছিল। আমি আগতীয়াকৈ গ’ল হেৰুৱাইছিলো, কিন্তু তাৰ পিছত আমি ঘূৰি আহি খেলখন নিয়ন্ত্ৰণ কৰিছিলো। বলৰ পজিচনিং ভাল আছিল আৰু আমি বহু সুযোগ সৃষ্টি কৰিছিলো, এতিয়া আমি ফিনিচিঙৰ ওপৰত অধিক মনোনিৱেশ কৰিব লাগিব।
তেওঁ আৰু কয়, এই খেলুৱৈসকলে বিশ্বৰ শীৰ্ষ দলৰ বিৰুদ্ধে খেলি আছে, গতিকে তেওঁলোকৰ ওপৰত বহুত হেঁচা আছে। ইয়াৰ পিছতো এই যুৱ খেলুৱৈসকলে আত্মবিশ্বাসেৰে খেলি আছে। এই ভ্ৰমণ তেওঁলোকৰ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ। এতিয়া আমি পৰৱৰ্তী মেচখন বিশ্বৰ ১ নম্বৰ দল নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব লাগিব। এনে অভিজ্ঞতা ভৱিষ্যতে এই খেলুৱৈসকলৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব।
ইণ্ডিয়া ‘এ’ পুৰুষৰ হকী দলে এতিয়া ১৮ জুলাই আৰু ২০ জুলাইত ক্ৰমে নিশা ৯:৩০ বজাত আৰু নিশা ৮:৩০ বজাত (ভাৰতৰ সময় অনুসৰি) দুখন গুৰুত্বপূৰ্ণ খেলৰ বাবে আইনড’ভেন (নেদাৰলেণ্ড)লৈ ৰাওনা হ’ব আৰু ইতিবাচক ফলাফলৰ সৈতে ভ্ৰমণৰ অন্ত পেলাব বুলি আশা কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
