নতুন দিল্লী, ১৭ জুলাই (হি.স.)। বিশ্ব বজাৰত অনিশ্চয়তা, ডলাৰ সূচকাংকৰ শক্তি আৰু শ্বেয়াৰ বজাৰত বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ বিক্ৰীৰ বাবে আজি ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাসৰ লগে লগে বন্ধ হয়। মুদ্ৰা বজাৰত ভাৰতীয় মুদ্ৰা আজি ডলাৰৰ বিপৰীতে ১৩ পইচা হ্ৰাস পাই ৮৬.০৮ (অস্থায়ী)ত বন্ধ হয়। ইয়াৰ পূৰ্বে বুধবাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৫.৯৫ টকা প্ৰতি ডলাৰত বন্ধ হয়। যদিও টকাই আজিৰ ব্যৱসায় শক্তিৰে আৰম্ভ কৰিছিল, কিন্তু দিনটোৰ ব্যৱসায়ত বৰ্ধিত হেঁচাত ডলাৰে আগভাগ লৈছিল।
আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত আজি পুৱা ডলাৰৰ বিপৰীতে ৫ পইচা শক্তিৰে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৫.৯০ টকাত ব্যৱসায় আৰম্ভ হয়। দিনটোৰ প্ৰথমটো ব্যৱসায়ৰ অধিবেশনত কিছু সময়ৰ বাবে টকাৰ মূল্য শক্তিশালী হৈ প্ৰতি ডলাৰত ৮৫.৭৯ টকাৰ স্তৰত উপনীত হয়। ইয়াৰ পিছত বিদেশী বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰত বিক্ৰীৰ চাপ সৃষ্টি কৰি নিজৰ ধন উলিয়াবলৈ আৰম্ভ কৰাৰ লগে লগে ডলাৰৰ চাহিদাও বৃদ্ধি পালে। ডলাৰৰ চাহিদা বৃদ্ধিৰ বাবে টকাৰ মূল্য উচ্চ স্তৰৰ পৰা ৩১ পইচা পিছলি ১৫ পইচা দুৰ্বলতাৰে ৮৬.১০ৰ স্তৰলৈ নামি আহে। সম্পূৰ্ণ দিনৰ ব্যৱসায়ৰ অন্তত ১৩ পইচা দুৰ্বলতাৰে আজিৰ ৮৬.০৮ টকাত সমাপ্ত হয় টকা।
বজাৰ বিশেষজ্ঞসকলৰ মতে ডলাৰ সূচকাংকৰ শক্তি আৰু ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে ধন উলিওৱাৰ লগতে আমেৰিকাৰ শুল্ক নীতিৰ বাবে বিশ্ব বজাৰত হোৱা অনিশ্চয়তাই ভাৰতীয় মুদ্ৰা দুৰ্বল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
খুৰানা ছিকিউৰিটিজ এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ ৰবি চন্দৰ খুৰানাই জনোৱা মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰত চলি থকা অস্থিৰতাৰ বাবে বিদেশী বিনিয়োগকাৰীয়ে নিজৰ ধন উলিয়াই নিজৰ ধন সুৰক্ষিত কৰিব বিচাৰে। এনে পৰিস্থিতিত ভাৰতকে ধৰি বিশ্বৰ অন্যান্য বজাৰৰ পৰাও ডলাৰ উলিওৱাৰ হাৰ বৃদ্ধি পাইছে, যাৰ বাবে ডলাৰ সূচকাংক বুলিছ হৈ পৰিছে। এই কাৰণেই ভাৰতীয় মুদ্ৰাৰ ওপৰতো চাপ দেখা যায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
