জামাইকা, ১৭ জুলাই (হি.স.)। ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক পাঁচখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ১৬ জনীয়া দল ঘোষণা কৰিছে। ২০ জুলাইৰ পৰা ২৮ জুলাইলৈ জামাইকাৰ ছাবিনা পাৰ্ক আৰু ছেইণ্ট কিটছৰ ৱাৰ্নাৰ পাৰ্কত অনুষ্ঠিত হ’ব এই ধাৰাবাহিকখন।
শেহতীয়াকৈ আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয় কৰা মূল খেলুৱৈসকলক দলটোৱে ধৰি ৰাখিছে, আনহাতে দুজন যুৱ আৰু প্ৰতিভাৱান খেলুৱৈ—জুৱেল এণ্ড্ৰু আৰু জেডিয়া ব্লেডছক প্ৰথমবাৰৰ বাবে টি-২০ আন্তঃৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে।
উদীয়মান বেটছমেন তথা বেকআপ উইকেটকীপাৰ ১৮ বছৰীয়া জুৱেল এণ্ড্ৰুৱে বিশেষকৈ স্পিন বলিঙৰ বিৰুদ্ধে আক্ৰমণাত্মক খেলেৰে নিৰ্বাচকসকলক আপ্লুত কৰিছে। তেওঁক এই অঞ্চলৰ ভৱিষ্যত তাৰকা হিচাপে গণ্য কৰা হয়।
একে সময়তে বাওঁহাতৰ বেগী বলাৰ জেডিয়া ব্লেডছে ২০২৪ চনত বাংলাদেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়।ৱেষ্ট ইণ্ডিজ ব্ৰেকআউট লীগত পাৱাৰপ্লে অভাৰৰ সময়ত তেওঁ উজ্জ্বল প্ৰদৰ্শন কৰি নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰে।
শ্বাই হোপে দলটোৰ অধিনায়কত্ব অক্ষুণ্ণ ৰাখিব, আনহাতে জেছন হোল্ডাৰ, আকিল হোছেইন, ৰভমেন পাৱেলৰ দৰে অভিজ্ঞ খেলুৱৈকো দলত অন্তৰ্ভুক্ত কৰা হৈছে।
দলৰ মুখ্য প্ৰশিক্ষক ডেৰেন ছেমীয়ে কয় যে দলটোৰ মূল লক্ষ্য হৈছে ৰেংকিং উন্নত কৰা আৰু ২০২৬ চনত ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱা।
তেওঁ কয়, আমাৰ কৌশল আৰু লক্ষ্য স্পষ্ট – ২০২৬ চনত টি-২০ বিশ্বকাপ জয় কৰা। এই শৃংখলাত আমি আমাৰ খেলৰ শৈলী আৰু ব্ৰেণ্ড আৰু অধিক উন্নত কৰাৰ চেষ্টা কৰিম।
ৱেষ্ট ইণ্ডিজৰ টি-২০ দলটো এনেধৰণৰ –
শ্বাই হোপ (অধিনায়ক), জুৱেল এণ্ড্ৰু, জেডিয়া ব্লেডছ, ৰষ্টন চেজ, মেথিউ ফৰ্ড, শ্বিমৰন হেটমায়াৰ, জেছন হোল্ডাৰ, আকিল হোছেইন,
আলজাৰী জোচেফ, ব্ৰেণ্ডন কিং, ইভিন লুইছ, গুডাকেশ মটি, ৰভমেন পাৱেল, আন্দ্ৰে ৰাছেল শ্বাৰফেন ৰাদাৰফোৰ্ড, ৰোমাৰিয়া শ্বেফাৰ্ড।
ৱেষ্ট ইণ্ডিজ বনাম অষ্ট্ৰেলিয়াৰ সূচী-
১ম টি২০: ২০ জুলাই – ছাবিনা পাৰ্ক, জামাইকা
২য় টি-২০: ২২ জুলাই – ছাবিনা পাৰ্ক, জামাইকা
৩য় টি২০: ২৫ জুলাই – ৱাৰ্নাৰ পাৰ্ক, ছেইণ্ট কিটছ
৪ৰ্থ টি২০: ২৬ জুলাই – ৱাৰ্নাৰ পাৰ্ক, ছেইণ্ট কিটছ
৫ম টি২০: ২৮ জুলাই – ৱাৰ্নাৰ পাৰ্ক, ছেইণ্ট কিটছ
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
