কোকৰাঝাৰ, ১৬ জুলাই (হি.স.)। এফালে যদি বিজেপি,আনফালে আকৌ ইউপিপিএলে চলাই আছে নিৰ্বাচনী প্ৰচাৰ পিছ পৰি থকা নাই বিপিএফও প্ৰতিদিনে চলাই আছে যোগদান কাৰ্যসচী । গোঁসাইগাওঁৰ ২নং পলাশগুৰি আৰু হাছৰাউবাৰিত একেদিনাই চলাই দুখনকৈ নিৰ্বাচনী সভা,ভিবিন্ন ৰাজনীতিক দলৰ পৰা পুৰুষ মহিলা বিপিএফ দলত যোগদান কৰে।
৩নং শ্ৰীৰামপুৰ সমষ্টিৰ বিপিএফৰ আশাবাদি প্ৰাৰ্থী মোকলেচুৰ ৰহমানে কয় যে শ্ৰীৰামপুৰ সমষ্টি একেবাৰে পিছপৰা সমষ্টি শ্ৰীৰামপুৰৰ ৰাইজে ধকা খাই খাই বিপিএফক অন্তিম ভৰসা হিচাপে লৈছে সিয়েহে এই বাৰ বিটিচি নিৰ্বাচনত শ্ৰীৰামপুৰত তেওঁৰ লগত কোনেও প্ৰতিদ্বন্দিতা নাই আৰু সমষ্টি বাসি ৰাইজ মোৰ লগত আছে বুলি কয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
