– নেদাৰলেণ্ডৰ বিৰুদ্ধে এই উজ্জ্বল গ’লটোৰ বাবে সমগ্ৰ বিশ্বৰ অনুৰাগীয়ে দিলে ভোট
নতুন দিল্লী, ১৬ জুলাই (হি.স.)। ভাৰতীয় মহিলা হকী দলৰ ফৰৱাৰ্ড দীপিকাই ইতিহাসৰ সৃষ্টি কৰিছে। পলিগ্ৰাছ মেজিক স্কিল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ২০২৪-২৫ বৰ্ষৰ এফ আই এইচ হকী প্ৰ’ লীগৰ ভুৱনেশ্বৰ লেগত নেদাৰলেণ্ডৰ বিৰুদ্ধে কৰা সুন্দৰ গ’লৰ বাবে তেওঁ এই বঁটা লাভ কৰে। এই বঁটাৰ বাবে সমগ্ৰ বিশ্বৰ অনুৰাগীয়ে ভোটদান কৰিছিল।
২১ বছৰীয়া দীপিকাই এই গ’লটো ৩৫ মিনিটত ভাৰত আৰু বিশ্বৰ ১ নম্বৰ নেদাৰলেণ্ডৰ মাজত খেলা খেলখনত এই গ’লটো দিয়ে। সেই সময়ত ভাৰত ০-২ গ’লত পিছ পৰি আছিল। দীপিকাই বাওঁফালৰ পৰা ডাচ ডিফেন্সৰ কাষেৰে ড্ৰিবল কৰি বেছলাইনৰ কাষেৰে দৌৰি গৈ ডিফেণ্ডাৰৰ ষ্টিকৰ ওপৰেৰে বলটো চিপ কৰি বলটো গ’লপোষ্টত উজ্জ্বলভাৱে সোমাই দি গ’লৰক্ষকক পৰাস্ত কৰে। এই গ’লে ভাৰতৰ প্ৰত্যাৱৰ্তনৰ ভেটি স্থাপন কৰিছিল আৰু মেচখন ২-২ গ’লত ড্ৰ’ হোৱাৰ পাছত শ্বুটআউটত ভাৰতে জয়লাভ কৰিছিল।
পলিগ্ৰাছ মেজিক স্কিল বঁটাটোৱে এফ আই এইচ হকী প্ৰ’ লীগৰ আটাইতকৈ সৃষ্টিশীল আৰু দক্ষ মুহূৰ্তসমূহক সন্মান জনায় আৰু ইয়াৰ সিদ্ধান্ত বিশ্বজুৰি হকী অনুৰাগীসকলে ভোটদান কৰি লয়। এই বঁটাৰ বাবে দীপিকাৰ উপৰিও স্পেইনৰ পেট্ৰিচিয়া আলভাৰেজ আৰু অষ্ট্ৰেলিয়াৰ মহিলা দলৰ আন এজন দক্ষতাক মনোনীত কৰা হৈছিল। পুৰুষৰ শাখাত এই সন্মান বেলজিয়ামৰ ভিক্টৰ ৱেগনেজক দিয়া হয়।
বঁটা লাভ কৰাৰ পিছত দীপিকাই কয়, মোৰ বাবে এইটো এটা অতি গৌৰৱৰ মুহূৰ্ত। নেদাৰলেণ্ডৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে গ’ল দিয়াটো নিজৰ বাবেই বিশেষ আছিল আৰু এতিয়া এই গ’লৰ বাবে ইমান ডাঙৰ সন্মান পোৱাটো মোৰ বাবে অবিস্মৰণীয়। মোৰ প্ৰশিক্ষক, সতীৰ্থ, পৰিয়াল আৰু মোক প্ৰতিদিনে অনুপ্ৰাণিত কৰা সকলোকে ধন্যবাদ জনাইছো। এই বঁটা কেৱল মোৰ নহয়, সমগ্ৰ ভাৰতীয় হকীৰ। আহক আমি সকলোৱে একেলগে আগবাঢ়ি যাওঁ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
