
বৰপেটা, ১৬ জুলাই (হি.স.): আজিৰ তাৰিখলৈ মুখ্যমন্ত্ৰীয়ে ১ লাখ ১৯ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ পৰা উচ্ছেদ চলাই বেদখল মুক্ত কৰে। অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা উচ্ছেদ অভিযানক অসমপ্ৰেমী নাগৰিক সমাজে মুকলি সমৰ্থন জনাইছে। এই উচ্ছেদ অভিযানক সন্মুখৰ পৰা নেতৃত্ব দিছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনক এই উচ্ছেদ অভিযানক ধন্যবাদ জ্ঞাপন কৰি ভাৰতীয় জনতা পাৰ্টি বজালী জিলা কাৰ্যালয়ৰ পৰা পাঠশালা নগৰৰ চাৰিআলিলৈ কালি বিয়লি এটি বিশাল ধন্যবাদ সূচক ৰেলী উলিয়াই মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ৰণজিৎ দাস জিন্দাবাদ ধ্বনিৰে পাঠশালাৰ ৰাজপথ কঁপাই তোলে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সাংবাদিকৰ আগত কয় যে ৰাহুল গান্ধী আহিলে অসমত কোনো প্ৰভাৱ নপৰে, মোদী আহিলেহে অসমত প্ৰভাৱ পৰে। ৰাহুল গান্ধী অৰিজিনেল নে ডুপলিকেট আহিব তাকে লৈও ৰাহুল গান্ধীক কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
