
ওদালগুৰি, ১৬ জুলাই (হি.স.): গোৰেশ্বৰ ৰাজহ চক্ৰৰ উদ্যোগত গোৰেশ্বৰৰ বেঙেনাআটী ৰাজহৱা ভৱনত চক্ৰ বিষয়া ত্ৰিলিনা টাইডৰ সঞ্চালনাত কালি বিয়লি অনুষ্ঠিত হয় সজাগতা সভা। সভাত উপস্থিত থাকি বিটিআৰ চৰকাৰৰ লেণ্ড এডভাইজৰী বোৰ্ডৰ অধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীয়ে কয় যে বিটিআৰ চৰকাৰৰ মিছন বিছৌমুথিৰ জৰিয়তে ইতিমধ্যে ৩.২৩ লাখ লোকক মাটিৰ পট্বা দিয়া হৈছে। গতিকে ৰাইজে ইয়াৰ সুবিধা গ্ৰহণ কৰিব লাগে।
সভাত উপস্থিত থাকি ইএম ৰণেন্দ্ৰ নাৰ্জাৰীয়ে কয় যে মাটিৰ সমস্যা বৰ ডাঙৰ সমস্যা। এই আঁচনিখনে মাটিৰ সমস্যা সমাধান কৰাত ৰাইজক যথেষ্ট সকাহ দিব। সভাত এমচিএলএ পৱিত্ৰ কুমাৰ বড়োৱে এই মিছনৰ জৰিয়তে মাটিৰ সমস্যা সমাধান কৰাটো যথেষ্ট সহজ হৈ পৰিল বুলি মন্তব্য কৰে। সভাত গোৰেশ্বৰ পৌৰ সভাৰ পৌৰপতি কৃষ্ণ দাস স্বৰ্গীয়াৰী , গোৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰৰ অন্তৰ্গত গাওঁ প্ৰধানসকলকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
