ছিৰিয়াৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ অধিকাৰ কাৰো নাই: আছাদ আল-শ্বিবানী
ব্ৰুছেলছ, ১৫ জুলাই (হি.স.)। ছিৰিয়াৰ বৈদেশিক মন্ত্ৰী আছাদ আল শ্বিবানীয়ে দক্ষিণ ছিৰিয়াত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) চলোৱা টেংক আক্ৰমণৰ প্ৰতি পৰোক্ষভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে “চিৰিয়াৰ আভ্যন্তৰীণ বিষয়ত কাৰোবাৰ হস্তক্ষেপ কৰাৰ অধিকাৰ নাই”।
ছৌদি নিউজ চেনেল আল-হাদাথৰ সৈতে কথা পাতি তেওঁ এই মন্তব্য কৰে, যেতিয়া তেওঁ বিগত দিনত বেদুইন জনজাতি আৰু ড্ৰুজ যোদ্ধাৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ বিষয়ে কয়। ইয়াতেই আজি ইজৰাইলে টেংক আক্ৰমণ কৰে।
বৈদেশিক মন্ত্ৰী শিবানীয়ে আৰু কয় যে, “অস্ত্ৰ লোৱাটো কেৱল ৰাষ্ট্ৰৰ দায়িত্ব, আন কাৰোবাৰ নহয়।” তেওঁ জোৰ দি কয় যে আৰব বিশ্ব আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত ছিৰিয়াই ক্ৰমান্বয়ে পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।
বৰ্তমান আছাদ আল শ্বিবানী ব্ৰুছেলছত আছে, য’ত তেওঁ ইউৰোপীয় ইউনিয়নৰ বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। কাকতলীয়াকৈ ক’বলৈ গ’লে ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰও তাত উপস্থিত আছে যদিও দুয়োগৰাকী নেতাৰ মাজত কোনো প্ৰত্যক্ষ বৈঠকৰ পৰিকল্পনা কৰা হোৱা নাই। গিডিয়ান ছাৰৰ মুখপাত্ৰই স্পষ্ট কৰি দিয়ে যে কোনো ব্যক্তিগত বৈঠকৰ দিন ধাৰ্য কৰা হোৱা নাই।
মন কৰিবলগীয়া যে ছিৰিয়াৰ ছুইদা প্ৰদেশত ড্ৰুজ মিলিচীয়া আৰু চুন্নী বেদুইন জনগোষ্ঠীৰ মাজত সংঘটিত সংঘৰ্ষত এতিয়ালৈকে ৮৯ জন লোকৰ মৃত্যু হৈছে। ছিৰিয়া চৰকাৰে তালৈ নিৰাপত্তা বাহিনী প্ৰেৰণ কৰাৰ বিপৰীতে দেওবাৰে ইজৰাইলে ছিৰিয়াৰ টেংক আক্ৰমণ কৰে। একে সময়তে ইজৰাইলে এই কাৰ্যৰ সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
