নতুন দিল্লী, ১৪ জুলাই (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে সাংস্কৃতিক জাগৰণ আৰু প্ৰযুক্তিগত অগ্ৰগতি ইটোৱে সিটোৰ বিৰোধী নহয় বৰঞ্চ একেলগে যাব পাৰে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ভাৰত বিকাশ পৰিষদৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত ভাষণ দি তেওঁ এই মন্তব্য কৰে।
বিৰোধী দলক সমালোচনা কৰি অমিত শ্বাহে কয়, কিছুমানে ৰাম মন্দিৰৰ লাভ কি হ’ব বুলি প্ৰশ্ন কৰে, কিন্তু তেওঁলোকে বুজি নাপায় যে সাংস্কৃতিক নৱজাগৰণ আৰু প্ৰযুক্তিগত উন্নতি একেলগে হ’ব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰো নিৰ্মাণ কৰিছিল আৰু প্ৰতিখন গাঁৱলৈ ৫জি নেটৱৰ্ক আৰু ডিজিটেল পেমেণ্টৰ দৰে সুবিধাও উপলদ্ধ কৰোৱাইছে।
ভাৰত বিকাশ পৰিষদৰ কাম-কাজৰ প্ৰশংসা কৰি শ্বাহে কয় যে এই সংস্থাটোৱে সেৱা, সংগঠন আৰু সংস্কাৰৰ জৰিয়তে জাতি গঠনত অৰিহণা যোগাইছে। তেওঁ কয় যে ৬৩ বছৰ নিস্বাৰ্থভাৱে সেৱাৰ কাম কৰাটো তপস্যাতকৈ কম নহয়। এই সংগঠনে কেৱল সেৱাই নহয়, ভাৰতৰ মৌলিক উপাদানসমূহৰ সৈতে ভাৰতীয়সকলক সংযোগ কৰাৰ বাবেও কাম কৰি আছে।
তেওঁ পৰিষদক সেৱা আগবঢ়াব বিচৰা আৰু সেৱাৰ বাবে যোগ্যসকলৰ বাবে সেৱাৰ সেতু বুলি অভিহিত কৰে। আজি এই পৰিষদে দেশৰ ৪১২খন জিলাৰ ১৬০০ৰো অধিক শাখা আৰু ৮৪ হাজাৰৰো অধিক পৰিয়ালৰ সৈতে সংযুক্ত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উন্নত ভাৰত ২০৪৭ৰ ধাৰণাৰ কথা উল্লেখ কৰি শ্বাহে কয় যে ভাৰত বিকাশ পৰিষদে এই দিশত মুখ্য সেৱকৰ দৰে কাম কৰি আছে। তেওঁ ভাৰত বিকাশ পৰিষদৰ কৰ্মশৈলীৰ সৈতে সংযোগ কৰি মোদীয়ে দিয়া পাঁচটা নীতি- উন্নত ভাৰতৰ লক্ষ্য, দাসত্বৰ মানসিকতাৰ পৰা মুক্তি, ঐতিহ্যৰ প্ৰতি গৌৰৱ, ঐক্য আৰু কৰ্তব্যবোধক প্ৰশংসা কৰে।
তেওঁ ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি স্থাপনক এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰি কয় যে সেই সময়ত ভাৰত স্বাধীন হোৱাৰ দৰে অনুভৱ হৈছিল।
শ্বাহে কয় যে ভাৰত বিকাশ পৰিষদ কেৱল এটা প্ৰতিষ্ঠান নহয়, বৰঞ্চ এটা ধাৰণা, যিয়ে সেৱাক জীৱনৰ স্বৰূপ কৰি ভাৰতক স্বাৱলম্বী আৰু সাংস্কৃতিকভাৱে চহকী জাতি হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাত নিয়োজিত।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
