
যোৰহাট, ১৪ জুলাই (হি.স.): যোৰহাটৰ মুক্তি যোদ্ধা পথ, পাইপলাইনত যোৱাকালি দেওবাৰে বিয়লি উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ । নিজ গৃহৰ সন্মুখতে এটা অইল ইণ্ডিয়াই খন্দা এটা ড্ৰেইনত বোকাৰে লুটুৰি পুটুৰি হৈ তললৈ মুৰ কৰি পৰি থকাৰ অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ।
মৃতদেহটো সেই স্থানৰ নিবাসী নৃপেন শইকীয়াৰ পুত্ৰ জিতুমণি শইকীয়াৰ বুলি জানিব পৰা গৈছে । মৃত জিতুমনিৰ বয়স আনুমানিক ৩৫ বছৰ বুলি জানিব পৰা গৈছে। পাৰিবাৰিক অশান্তিৰ বাবেই পৰিয়ালৰ সদস্যৰ পৰা আঁতৰি অকলে আছিল জিতুমনি আৰু এই কথা প্ৰকাশ কৰে গাওঁবুঢ়াই । বৰ্তমান আৰক্ষীক সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জনোৱাৰ পাচতেই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
