নতুন দিল্লী, ১৩ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভালৈ মনোনীত চাৰিজন বিশিষ্ট ব্যক্তিক তেওঁলোকৰ কৃতিত্ব আৰু অৱদানৰ কথা উল্লেখ কৰি অভিনন্দন জনায়। এই তথ্য প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ন্যায়িক ক্ষেত্ৰত অধিবক্তা উজ্জ্বল নিকামৰ নিষ্ঠা আদৰ্শগত। বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা পালন কৰি সংবিধানৰ মূল্যবোধক শক্তিশালী কৰাৰ দিশত কাম কৰি আহিছে। ৰাষ্ট্ৰপতিয়ে তেওঁক ৰাজ্যসভালৈ মনোনীত কৰাত সুখ প্ৰকাশ কৰে।
চি সদানন্দন মাষ্টৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ জীৱনটো সাহস আৰু অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামৰ প্ৰতীক। শিক্ষা আৰু সমাজসেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ প্ৰশংসা কৰি তেওঁ যুৱ সবলীকৰণৰ প্ৰতি অত্যন্ত নিষ্ঠাবান বুলি কয়।
প্ৰধানমন্ত্ৰীয়ে হৰ্ষ বৰ্ধন শ্ৰিংলাক এজন দক্ষ কূটনীতিবিদ, চিন্তাশীল বৌদ্ধিক আৰু কৌশলগত চিন্তাবিদ বুলি অভিহিত কৰে। তেওঁ কয় যে ভাৰতৰ বৈদেশিক নীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত শ্ৰিংলাৰ অৱদান উল্লেখযোগ্য, বিশেষকৈ জি-২০ৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল।
ড° মীনাক্ষী জৈনক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ শিক্ষা, সাহিত্য, ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত বিশিষ্ট কাম কৰিছে।
উল্লেখযোগ্য যে ৰাজ্যসভাৰ বাবে উজ্জ্বল দেৱৰাও নিকম, চি সদানন্দন মাষ্টৰ, হৰ্ষ বৰ্ধন শ্ৰিংলা আৰু মীনাক্ষী জৈনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিছে।
ইয়াৰ ভিতৰত অধিবক্তা উজ্জ্বল নিকামে বিশেষকৈ ২৬/১১ৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত জীৱিত অৱস্থাত ধৰা পৰা পাকিস্তানী সন্ত্ৰাসবাদী আজমল কাছাবৰ মৃত্যুদণ্ড প্ৰদানৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰাৰ বাবে পৰিচিত। সদানন্দন মাষ্টাৰ কেৰালাৰ এগৰাকী জ্যেষ্ঠ শিক্ষাবিদ আৰু সমাজকৰ্মী। হৰ্ষ বৰ্ধন শ্ৰিংলা ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
