ব্ৰীজৱাটাৰ (নিউ জাৰ্চি), ১৩ জুলাই (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই সপ্তাহত নাটোৰ মহাসচিব মাৰ্ক ৰুটেক সাক্ষাৎ কৰিব। এই বৈঠকখন এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া ট্ৰাম্প প্ৰশাসনে ইউক্ৰেইনক অস্ত্ৰ যোগান ধৰাৰ নতুন পৰিকল্পনাত কাম কৰি আছে, যাৰ অধীনত নাটোৰ মিত্ৰ দেশসমূহে আমেৰিকাৰ অস্ত্ৰ ক্ৰয় কৰি ইউক্ৰেইনক গতাই দিব পাৰিব।
নাটোৱে এক বিবৃতিত কয় যে সোমবাৰ আৰু মঙলবাৰে ৱাশ্বিংটনত উপস্থিত থাকিব সচিবপ্ৰধান মাৰ্ক ৰুটে, য’ত ট্ৰাম্পৰ বাহিৰেও তেওঁ আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’, প্ৰতিৰক্ষা মন্ত্ৰী পিট হেকছেথ আৰু কংগ্ৰেছৰ অন্যান্য সদস্যসকলক সাক্ষাৎ কৰিব। এই ভ্ৰমণ সন্দৰ্ভত হোৱাইট হাউছে কোনো তাৎক্ষণিক মন্তব্য কৰা নাই।
ইউক্ৰেইনলৈ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ পৰিকল্পনা
বৈদেশিক মন্ত্ৰী ৰুবিঅ’ই কয় যে ইউক্ৰেইনক প্ৰয়োজনীয় আমেৰিকাৰ অস্ত্ৰসমূহ ইতিমধ্যে ইউৰোপৰ কিছুমান নাটোৰ দেশৰ সৈতে আছেই। এই অস্ত্ৰসমূহ পোনপটীয়াকৈ ইউক্ৰেইনলৈ প্ৰেৰণ কৰিব পাৰি আৰু ইয়াৰ ক্ষতিপূৰণৰ বাবে ইউৰোপীয় দেশসমূহে আমেৰিকাৰ পৰা নতুন অস্ত্ৰ ক্ৰয় কৰিব পাৰে।
ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৱেও কয় যে তেওঁৰ চৰকাৰে আমেৰিকাৰ পৰা ইউক্ৰেইনৰ বাবে বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দাবী জনাইছে যদিও ফ্ৰান্সে অহা বছৰলৈকে নতুন স্থল-বায়ু ক্ষেপণাস্ত্ৰ যোগান ধৰিব পৰা নাই।
ৰাছিয়াৰ ওপৰত নতুন কঠোৰ নিষেধাজ্ঞাৰ প্ৰস্তুতি
আনহাতে, ৰাছিয়াৰ ওপৰত নতুন কঠোৰ নিষেধাজ্ঞাৰ অনুমোদন দিবলৈ আমেৰিকাৰ কংগ্ৰেছ আৰু ইউৰোপীয় মিত্ৰশক্তিৰ হেঁচাত পৰিছে ট্ৰাম্প। এখন প্ৰস্তাৱিত বিধেয়কত এতিয়াও ৰাছিয়াৰ তেল, গেছ, ইউৰেনিয়াম আৰু অন্যান্য ৰপ্তানি সামগ্ৰী ক্ৰয় কৰা দেশসমূহৰ ওপৰত ৫০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰাৰ আহ্বান জনোৱা হৈছে।
ৰাছিয়াৰ শক্তি যোগানৰ প্ৰায় ৭০ শতাংশ ক্ৰয় কৰা চীন আৰু ভাৰতৰ দৰে দেশক এই প্ৰস্তাৱৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব। এই ৰাজহৰে ৰাছিয়াৰ যুদ্ধ যন্ত্ৰ চলি আছে, আনহাতে আমেৰিকা আৰু ইউৰোপে ইতিমধ্যে কেইবাটাও খণ্ডত নিষেধাজ্ঞা আৰোপ কৰিছে – বিত্ত, শক্তি, পৰিবহণ, প্ৰযুক্তি আৰু প্ৰতিৰক্ষাকে ধৰি।
যদিও এই প্ৰস্তাৱে ছিনেটত ব্যাপক সমৰ্থন লাভ কৰিছে, ৰিপাব্লিকান নেতৃত্বই ট্ৰাম্পৰ সেউজ সংকেতৰ বাবে অপেক্ষা কৰি আছে। ট্ৰাম্পে বিচাৰে যে কংগ্ৰেছৰ পৰিৱৰ্তে, নিষেধাজ্ঞা আৰু শুল্ক উঠাই লোৱা বা পুনৰ আৰোপ কৰাৰ সম্পূৰ্ণ ক্ষমতা ৰাষ্ট্ৰপতিৰ ওচৰত থাকিব লাগে।
বিধেয়কখনৰ মতে কিছুমান চৰ্তত ৰাষ্ট্ৰপতিয়ে নিষেধাজ্ঞা উঠাই ল’ব পাৰে যদিও পুনৰ উলংঘা আৰম্ভ হ’লে তৎক্ষণাত পুনৰ নিষেধাজ্ঞা পুনৰ প্ৰৱৰ্তন কৰিব লাগিব। চিনেটৰ লিণ্ডচে গ্ৰেহামৰ মতে, ৰাষ্ট্ৰপতিৰ হাতত ১৮০ দিনৰ বাবে ৰেহাই দিয়াৰ ক্ষমতা থাকিব, যিটোও বৃদ্ধি কৰিব পাৰি।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
