
শিৱসাগৰ, ১৩ জুলাই (হি.স.)। অস্তিত্বৰ সংকটত পৰিছে ঐতিহাসিক তলাতল ঘৰ। দেশী – বিদেশী পৰ্য্যটকৰ দৈনিক আগমণৰ সময়তেই তলাতল ঘৰৰ চৌহদ আগুৰি ধৰিছে হাবি জংঘলেৰে। দেৱাল সমূহত ডাঠ শেলুৱৈৰ প্ৰলেপ দেখিবলৈ পোৱা গৈছে । একেদৰে দেৱাল সমূহত বৃহৎ বৃহৎ ফাট মেলিছে । এইক্ষেত্ৰত এই ঐতিহাসিক সম্পদৰ চোৱা–চিতাৰ দায়িত্বত থকা পূৰাতত্ব বিভাগৰ নিৰ্বিকাৰ ভূমিকাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে ঐতিহাসিক তলাতলৰ ঘৰৰ এই কৰ্দয্য ৰূপক লৈ গৰজি উঠিছে আহোম সেনা।
উল্লেখ্য যে স্বৰ্গদেও ৰাজেশ্বৰ সিংহ (১৭৫১-১৭৬৯)ৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল ঐতিসাহিক তলাতল ঘৰ। জাতীৰ গৌৰৱ তথা বিশ্বৰ পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ তলাতল ঘৰ ধ্বংসৰ মুখলৈ গতি কৰাক লৈয়েই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ বিশেষকৈ তলাতল ঘৰৰ দেৱালত বৃহৎ বৃহৎ ফাট ওপৰিও দেৱালত ভেকুৰ গজাৰ ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
আনহাতে আজি কেইবছৰমান পূৰ্বে তলাতল ঘৰ বউণ্ডৰী দেৱাল নিৰ্মাণ কৰিব আহিছিল কিন্তু পৰিতাপৰ বিষয় যে কাম সম্পূৰ্ণ নহল যাৰ ফলত এতিয়া তলাতল ঘৰৰ প্ৰাঙ্গন গৰু ছাগলী চৰা এখন পথাৰ লৈ ৰূপান্তৰ হৈছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
