মুম্বাই, ১১ জুলাই (হি.স.)। অৰ্থনৈতিক দিশত চাঞ্চল্যকৰ খবৰ। ৪ জুলাইত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৩.০৫ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৯.৭৪ বিলিয়ন ডলাৰ হয়। বিগত সপ্তাহটোত মুঠ বৈদেশিক মুদ্ৰাৰ মজুত ৪.৮৫ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৭০২.৭৮ বিলিয়ন ডলাৰ হৈছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৪ জুলাইত সমাপ্ত হোৱা সপ্তাহটোত বৈদেশিক মুদ্ৰাৰ মজুতৰ এটা প্ৰধান উপাদান বৈদেশিক মুদ্ৰাৰ সম্পত্তি ৩.৫৪ বিলিয়ন ডলাৰ হ্ৰাস পাই ৫৯১.২৯ বিলিয়ন ডলাৰ হৈছে।এই সময়ছোৱাত সোণৰ মজুতৰ মূল্য ৩৪২ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৮৪.৮৫ বিলিয়ন ডলাৰ হৈছে। আৰ বি আইৰ তথ্য অনুসৰি ৪ জুলাইত সমাপ্ত হোৱা সপ্তাহটোত বিশেষ আহৰণ অধিকাৰ বা ড্ৰয়িং ৰাইটছ (এছ ডি আৰ) ৩৯ মিলিয়ন ডলাৰ বৃদ্ধি পাই ১৮.৮৭ বিলিয়ন ডলাৰ হৈছে। তথ্য অনুসৰি এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ সৈতে ভাৰতৰ ৰিজাৰ্ভ ১০৭ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৪.৭৪ বিলিয়ন ডলাৰ হৈছে।
২০২৪ চনৰ ছেপ্টেম্বৰৰ শেষৰ ফালে দেশখনৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
