মুম্বাই, ১১ জুলাই (হি.স.)। কানাডাত অৱস্থিত জনপ্ৰিয় কমেডিয়ান তথা অভিনেতা কপিল শৰ্মা আৰু তেওঁৰ পত্নীৰ ৰেষ্টুৰেণ্ট ‘কেপছ কেফে’ত সংঘটিত হোৱা গুলীচালনাৰ ঘটনা সন্দৰ্ভত এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ পাইছে। কপিল শৰ্মাৰ দলটোৱে ঘটনাটোক লৈ শোক প্ৰকাশ কৰি দুৰ্ভাগ্যজনক আখ্যা দিয়ে। তেওঁৰ দলটোৱে অনুৰাগীসকলক ধৈৰ্য্য বজাই ৰাখিবলৈ আহ্বান জনাইছে।
কেপছ কেফেত হোৱা গুলীচালনাৰ পিছত কপিল শৰ্মাৰ দলে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে, য’ত তেওঁ এই ঘটনাক লৈ দুখ প্ৰকাশ কৰাৰ লগতে নিজৰ আৱেগিক অৱস্থাৰ বিষয়েও ব্যক্ত কৰিছে। বিবৃতিটোত কোৱা হৈছে যে, আমি মানুহক একত্ৰিত কৰি শ্ৰেষ্ঠ কফি অভিজ্ঞতা দিয়াৰ উদ্দেশ্যেৰে এই কেফেখন আৰম্ভ কৰিছিলো। আমাৰ এই সপোন হিংসাৰ বলি হোৱাটো অতি দুৰ্ভাগ্যজনক। বৰ্তমান সময়ত আমি এই জোকাৰণিৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছো, আমি পিছুৱাই যোৱা বিধৰ নহয়। আপোনালোকৰ সকলো সমৰ্থনৰ বাবে আন্তৰিক ধন্যবাদ। আপুনি আমালৈ প্ৰেৰণ কৰা বাৰ্তা, আপোনালোকে দিয়া প্ৰাৰ্থনা, এই কঠিন সময়ত আমাৰ বাবে বহুত বুজাইছে। আপোনালোকৰ মৰম আৰু আস্থাৰ বাবে আমি সদায় কৃতজ্ঞ হৈ থাকিম।
তেওঁ লিখিছে, আপোনালোক সকলোৱে আমাৰ লগত থিয় দিছে, আৰু এই কাৰণেই এই কেফেখন আপোনালোকৰ আস্থা আৰু প্ৰেমৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। আহক আমি সকলোৱে হিংসাৰ বিৰুদ্ধে একত্ৰিত হওঁ। আহক আমি বিশ্বক পুনৰ আশ্বস্ত কৰোঁ যে আমাৰ কেফে মানুহক বিভাজিত কৰা নহয়, মানুহক একত্ৰিত কৰা ঠাই। আমি অতি সোনকালে পুনৰ লগ হ’ম।
কপিল শৰ্মাৰ কেফেত গুলীচালনা
কপিল শৰ্মাৰ কেপছ কেফে যথেষ্ট দিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। কপিল আৰু তেওঁৰ পত্নী গিনিয়ে ছ’চিয়েল মিডিয়াত কেফেখনৰ ছবি শ্বেয়াৰ কৰিছিল। কিন্তু, কেফেখনত গুলীচালনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পৰাই এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। অৱশ্যে এই গুলীচালনাত কোনো লোক আহত হোৱা নাই। খালিস্তানী সন্ত্ৰাসবাদী হাৰ্জিত সিং লাদীয়ে এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰি কপিলক আৰু ভয়াৱহ পৰিণতিৰ ভাবুকি দিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
