কোকৰাঝাৰ, ১০ জুলাই (হি.স.)। ৩নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ২নং বুঢ়িচাটাম গাঁৱত বিপিএফৰ নিৰ্বাচিনৰ সভা।কালি নিশা বুঢ়িচাটাম গাঁৱত নিৰ্বাচন সভা আৰু ৰাইজৰ লগত মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । বিটিচিত পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আন ৰাজনৈতিক দলৰ লগতে তৎপৰ হৈছে বিপিএফ দলও।
গাঁঞে ভূঁঞে বিপিএফে নিৰ্বাচনী সভা পাতিছে। ৩নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ২নং বুঢ়িচাটাম গাঁৱত অনুষ্ঠিত হয় নিৰ্বাচনী সভা। সভাত বিভিন্ন ৰাজনৈতিক দলৰ পৰা পঞ্চাশ জনৰো অধিক পুৰুষ মহিলা বিপিএফ তথা হাগ্ৰামা মহিলাৰিৰ নীতি আদৰ্শক ভাল পাই নিৰ্বাচন সভাত উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
