বেংগালুৰু, ১০ জুলাই (হি.স.)। প্ৰৱৰ্তন সঞ্চালকালয়ে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা) উলংঘা কৰাৰ অভিযোগত বৃহস্পতিবাৰে পুৱা কংগ্ৰেছৰ বিধায়ক বি চুব্বা ৰেড্ডীৰ ঘৰকে ধৰি মুঠ পাঁচটা স্থানত বেংগালুৰুৰ অভিযান চলায়।
চিকবল্লাপুৰ জিলাৰ বাগেপল্লী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা চুব্বা ৰেড্ডীৰ বাসগৃহ, পৰিয়ালৰ সদস্যৰ সম্পত্তি আৰু ব্যৱসায়িক অংশীদাৰৰ চৌহদত তালাচী চলোৱা হৈছে। মালয়েছিয়া, হংকং আৰু জাৰ্মানীৰ বেংক একাউণ্ট আৰু বিদেশী সম্পত্তিৰ সৈতে জড়িত নথি-পত্ৰ সন্দৰ্ভত তদন্ত চলি আছে।
চৰকাৰী সূত্ৰ অনুসৰি বিদেশী লেনদেন আৰু বিনিয়োগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ নথি-পত্ৰ পোৱাৰ সম্ভাৱনাৰ বাবেই ইডিৰ দলটোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে। বিধায়কগৰাকীৰ আত্মীয়ৰ বিৰুদ্ধেও অব্যাহত আছে তদন্ত।
বিতং তথ্যৰ বাবে অপেক্ষা কৰা হৈছে…….
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
