নতুন দিল্লী, ০৯ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বুধবাৰে নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অৱ দ্য মোষ্ট এন্সিয়েণ্ট ৱেলৱিচিয়া মিৰাবিলিছ’ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰা এয়া ২৭তম আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু চলি থকা পাঁচখন দেশ ভ্ৰমণৰ সময়ত চতুৰ্থটো সন্মান।
প্ৰধানমন্ত্ৰী মোডীৰ নামিবিয়ালৈ আনুষ্ঠানিক ভ্ৰমণৰ সময়ত নামিবিয়াৰ ৰাষ্ট্ৰপতি ড০ নেতুম্বো নন্দি-নদৈতৱাহে আজি এক বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীক এই বঁটা প্ৰদান কৰে। বঁটা লাভ কৰাৰ পিছত তেওঁ দুয়োখন দেশৰ বাবে এই বঁটা উচৰ্গা কৰি নিৰন্তৰ অগ্ৰগতি আৰু উন্নয়নৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া তেওঁৰ বাবে অতি গৌৰৱ আৰু সন্মানৰ বিষয় আৰু তেওঁ ১৪০ কোটি ভাৰতীয়ৰ হৈ ইয়াক গ্ৰহণ কৰিছে। সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নামিবিয়াক বিশ্বৰ সৰ্ববৃহৎ হীৰা উৎপাদনকাৰী দেশ আৰু ভাৰতৰ সৰ্ববৃহৎ পলিচিং উদ্যোগৰ দেশ বুলি উল্লেখ কৰি ভৱিষ্যতৰ অংশীদাৰিত্বৰ ওপৰত আস্থা পুনৰবাৰ প্ৰকাশ কৰে। তেওঁ কয়, “আগন্তুক সময়ত আমাৰ অংশীদাৰিত্ব এই হীৰাবোৰৰ দৰে জিলিকি উঠিব বুলি মোৰ বিশ্বাস।”
নামিবিয়াৰ স্বাধীনতাৰ কেইবছৰমান পাছত ১৯৯৫ চনত এই বঁটা প্রতিষ্ঠা কৰা হৈছিল ৷ ইয়াৰ উদ্দেশ্য বিশিষ্ট সেৱা আৰু নেতৃত্বক সন্মান জনোৱা। ইয়াৰ নাম ৱেলৱিচিয়া মিৰাবিলিছ (Welwitschia mirabilis)ৰ নামেৰে ৰখা হৈছে। ই নামিবিয়াৰ প্ৰাচীন মৰুভূমি উদ্ভিদ। ই নামিবিয়াৰ জনসাধাৰণৰ স্থিতিস্থাপকতা, দীৰ্ঘায়ু আৰু চিৰস্থায়ী মনোভাৱৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে এই বঁটাৰ লগত সংলগ্ন প্ৰতীকী অৰ্থৰ কথা উল্লেখ কৰি কয় যে ৱেলৱিচিয়া উদ্ভিদক নামিবিয়া জনসাধাৰণৰ সংগ্ৰাম, সাহস আৰু সংস্কৃতিৰ প্ৰতীক হিচাপে গণ্য কৰা হয় আৰু ই পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দৰে, সময়ৰ গতিৰ সাক্ষী।
বন্ধুত্ব আৰু সহযোগিতাৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু নামিবিয়াৰ ঐতিহাসিক বন্ধুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ এই বঁটাক ভাৰত আৰু নামিবিয়াৰ চিৰন্তন বন্ধুত্বৰ সাক্ষ্য বুলি অভিহিত কৰে। তেওঁ কয় যে এজন প্ৰকৃত বন্ধুক কঠিন সময়তহে স্বীকৃতি দিয়া হয়। ভাৰত আৰু নামিবিয়াই স্বাধীনতা সংগ্ৰামৰ পৰাই ইজনে সিজনৰ কাষত থিয় দিছে। আমাৰ বন্ধুত্বৰ জন্ম ৰাজনীতিৰ পৰা নহয়, সংগ্ৰাম, সহযোগিতা আৰু পাৰস্পৰিক বিশ্বাসৰ পৰাই হয়। ইয়াক গণতান্ত্ৰিক মূল্যবোধ আৰু উজ্জ্বল ভৱিষ্যতৰ সপোনেৰে লালন-পালন কৰা হৈছে। ভৱিষ্যতেও আমি ইজনে সিজনৰ হাতত ধৰি উন্নয়নৰ পথত আগবাঢ়ি যাম।
ইয়াৰ পূৰ্বে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘গ্ৰেণ্ড কলাৰ অৱ দ্য নেশ্যনেল অৰ্ডাৰ অৱ দ্য চাউদাৰ্ণ ক্ৰছ’ৰ সন্মান প্ৰদান কৰা হয়। এই পৰ্যন্ত ২৭খন দেশে প্ৰধানমন্ত্ৰীক সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
