ৰায়পুৰ, ০৮ জুলাই (হি.স.)। ছত্তীশগড়ৰ দুৰ্গত অৱস্থিত হেমচান্দ যাদৱ বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইট সোমবাৰে গভীৰ নিশা হেক কৰা হয়। ৱেবছাইটত হেকাৰে গালি-গালাজ আৰু ভাবুকি লিখিছে। ৱেবছাইট হেক হোৱাৰ তথ্য লাভ কৰাৰ পিছত চাৰ্ভাৰটো স্তৱ্ধ কৰি দিয়া হৈছে আৰু ডেভেলপাৰৰ সহায়ত সংশোধন কৰা হৈছে। দুৰ্গ বিশ্ববিদ্যালয়ৰ প্ৰশাসনে চাইবাৰ চেল আৰু ৰাষ্ট্ৰীয় চাইবাৰ এজেন্সীক অৱগত কৰিছে।
বিশ্ববিদ্যালয় প্ৰশাসনৰ পৰা পোৱা তথ্য অনুসৰি পাকিস্তানী হেকাৰে হেমচান্দ যাদৱ বিশ্ববিদ্যালয়ৰ ৱেবছাইট হেক কৰি পাকিস্তানৰ সৈতে জড়িত পোষ্টাৰ লগাইছে বুলি সন্দেহ কৰা হৈছে। হোম পেজত লিখা হৈছে গালি-গালাজ আৰু ভাবুকি। বাৰ্তাটোত ভাৰত-পাকিস্তান সীমান্তত আক্ৰমণৰ কথা উল্লেখ আছে। হেকিংৰ দায়িত্ব পাকিস্তানৰ হেকিং গোট এইচওএ এক্স ১১৩৭ লৈছে। ৱেবছাইটৰ তথ্যৰ লগত কোনো ধৰণৰ খেলিমেলি কৰা হৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আপাততঃ ৱেবছাইটটো স্তব্ধ কৰি দিয়া হৈছে আৰু ৱেব ডেভেলপাৰৰ সহায়ত সংশোধনৰ কাম চলি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
