নতুন দিল্লী, ০৭ জুলাই (হি.স.)। বিত্তীয় সেৱা বিভাগ (ডিএফএছ)ৰ সচিব এম নাগাৰাজুৱে সোমবাৰে বিত্তীয় প্ৰযুক্তি (ফিনটেক) কোম্পানীসমূহক বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধিৰ বাবে অফলাইন পেমেণ্ট সমাধানৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে ফিনটেক কোম্পানীসমূহে নিজৰ শক্তি আৰু উদ্ভাৱনৰ সহায় লৈ কেৱল সাধাৰণ জনতাক বিত্তীয় সেৱা প্ৰদান কৰাই নহয়, প্ৰৱঞ্চনা, হেকিং আৰু অন্যান্য চাইবাৰ ভাবুকিৰ বিৰুদ্ধেও শক্তিশালী সমাধান বিকশিত কৰিব লাগে।
নতুন দিল্লীত ভাৰতীয় উদ্যোগ পৰিষদ (চিআইআই)ৰ তৰফৰ পৰা আয়োজন কৰা তৃতীয় বিত্তীয় সমাৱেশন আৰু ফিনটেক শীৰ্ষ সন্মিলনৰ উদ্ধোধনী অনুষ্ঠানত সম্বোধন কৰে এম.নাগাৰাজুৱে।
ডি এফ এছৰ সচিবগৰাকীয়ে নিজৰ ভাষণত কয় যে পেমেণ্ট ব্যৱস্থাত ভাৰত বহু দেশতকৈ বহু আগবাঢ়ি থকাটো প্ৰতিজন ভাৰতীয়ৰ বাবে অতি গৌৰৱৰ বিষয়। তেওঁ কয় যে আমি সঁচাকৈয়ে আমাৰ ডিজিটেল পেমেণ্ট ইক’চিষ্টেমটো আন বহু দেশলৈ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা কৰিছো। নাগাৰাজুৱে কয় যে আমাৰ সাতখন দেশত উপস্থিতি আছে আৰু আমি আৰু কিছু দেশৰ সৈতেও আলোচনাত মিলিত হৈ আছো। হয়তো এই বছৰ আমি অধিক দেশত আমাৰ উপস্থিতি অনুভৱ কৰিম, য’ত নাগৰিকে আমাৰ ইউপিআই ব্যৱস্থাৰ জৰিয়তে ধন পৰিশোধ কৰিব।
ইয়াৰ বাবে তেওঁ কোম্পানীসমূহক আৰ্টিফিচিয়েল ইনটেলিজেন্স (এআই)ৰ দৰে উদীয়মান প্ৰযুক্তিৰ সৰ্বাধিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। নাগাৰাজুৱে ফিনটেক কোম্পানীসমূহক অফলাইন পেমেণ্টৰ বাবে পেমেণ্ট সমাধানৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাই কয় যে বিত্তীয় অন্তৰ্ভুক্তিক বিশ্বজুৰি অৰ্থনৈতিক বৃদ্ধি আৰু দৰিদ্ৰতা নিৰাময়ৰ এক মূল কাৰক হিচাপে স্বীকৃতি দিয়া হৈছে।
নাগাৰাজুৱে শক্তিশালী ডিজিটেল আন্তঃগাঁথনি আৰু পৰিৱৰ্তনশীল কল্যাণমূলক আঁচনিৰ দ্বাৰা সমৰ্থিত ফিনটেক উদ্ভাৱনৰ বাবে সহায়ক পৰিৱেশ তন্ত্ৰৰ প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ অবিৰত প্ৰচেষ্টাৰ ওপৰতো আলোকপাত কৰে। ইয়াৰ ভিতৰত জন ধন যোজনা আৰু জন সুৰক্ষা যোজনাকে ধৰি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী স্বনিধি যোজনা আৰু অটল পেঞ্চন যোজনাই আনুষ্ঠানিক বিত্তীয় সেৱাৰ পৰিসৰ যথেষ্ট বৃদ্ধি কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
